Student beaten by teacher: কণমানি ছাত্ৰক সামান্য কাৰণতেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষকৰ

author img

By

Published : May 25, 2023, 5:16 PM IST

Student beaten by teacher at Merapani

গোলাঘাট পূব শিক্ষা খণ্ডৰ অন্তৰ্গত মেৰাপানীৰ ৪ নং তৰাণি গাঁৱৰ সন্মিলিত প্ৰাথমিক বিদ্যালয়ত কণমানি ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে এজন শিক্ষকে(Student beaten by teacher)।

কণমানি ছাত্ৰক সামান্য কাৰণতেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষকৰ

গোলাঘাট, 25 মে’: গোলাঘাটৰ মেৰাপানীত ছাত্ৰক প্ৰহাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এগৰাকী কণমানি ছাত্ৰক সামান্য কাৰণতেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে এজন শিক্ষকে (Student beaten by teacher)। এই ঘটনা সংঘটিত হৈছে গোলাঘাট পূব শিক্ষা খণ্ডৰ অন্তৰ্গত মেৰাপানীৰ ৪ নং তৰাণি গাঁৱৰ সন্মিলিত প্ৰাথমিক বিদ্যালয়ত (Student beaten by teacher at Merapani) ৷

বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুশল সোণোৱালে পঞ্চম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰক বুধবাৰে বিদ্যালয়লৈ আহোঁতে প্ৰহাৰ কৰি আহত কৰে (Minor student beaten by teacher)। শিক্ষকজনৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত শিশুটিক অভিভাৱকে মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও এই ক্ষেত্ৰত শিক্ষকজনে একো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰে ছাত্ৰজনৰ অভিভাৱক।

ঘটনাৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে ছাত্ৰজনৰ পিতৃয়ে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীক ফোনযোগে যোগাযোগৰ চেষ্টা কৰে যদিও তেওঁ প্ৰথনে ফোন ৰিচিভ নকৰে ৷ পৰৱৰ্তী সময়ত শিক্ষকজনে ফোনটো ৰিচিভ কৰি তেওঁ বিদ্যালয়ত উপস্থিত নাথাকিব বুলি অৱগত কৰে ৷ ইফালে ছাত্ৰজনক প্ৰহাৰ কৰি আহত কৰাৰ সন্দৰ্ভত অভিভাৱকে সাংবাদিকক খবৰ দিয়াত ঘটনা সন্দৰ্ভত বুজ ল’বৰ বাবে বিদ্যালয়খনত উপস্থিত হয় যদিও বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীয়ে বিভাগৰ পৰা কোনো ধৰণৰ ছুটী নোলোৱাকৈ নিজৰ ব্যক্তিগত বাহনৰ চাৰ্ভিছিং কৰাৰ নামত গোলাঘাট জিলা অতিক্ৰম কৰি যোৰহাটৰ তিতাবৰলৈ যায় বুলি গম পায় ৷

ইফালে ছাত্ৰজনৰ অভিভাৱকৰ আমন্ত্ৰণৰ ভিত্তিত বিদ্যালয়ত উপস্থিত হোৱা সংবাদকৰ্মীসকলক শিক্ষকজনে উদ্দেশ্য প্ৰণোদিতভাৱে বাধা দিয়াৰ বাবে বিদ্যালয়ৰ মাতৃগোট আৰু একাংশ অভিভাৱক মাতি আনি বিদ্যালয়ৰ গেটত তলা লগাই দি বিদ্যালয়ৰ ভিতৰত সোমাই পৰে। ইফালে ছাত্ৰজনৰ অভিভাৱকৰ সৈতে মাতৃগোট আৰু শিক্ষকৰ মাজত এক আলোচনা হয় যদিও বিদ্যালয়খনলৈ সাংবাদিক মাতি নিয়াৰ বাবে শিক্ষকগৰাকীৰ উচতনিত মাতৃগোটে ওলোটাই ছাত্ৰজনকে বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰাৰ ভাবুকি দিয়ে। এই ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয়খনত।

এখন বিদ্যালয়ৰ এগৰাকী কণমানি ছাত্ৰীক প্ৰহাৰ কৰি আহত কৰা আৰু অকৰ্তৃত্বশীলভাৱে বিদ্যালয়ত উপস্থিত নথকা শিক্ষকগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক: Attempt to murder case: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে পো বোৱাৰীৰ অত্যাচাৰত আহত বৃদ্ধাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.