Counterfeit currency seized: নলবাৰীত জব্দ বৃহৎ পৰিমাণৰ জালনোট, আটক 4

By

Published : Aug 14, 2023, 11:29 AM IST

thumbnail

নলবাৰী, 14 আগষ্ট: নলবাৰী জিলাৰ লোহাৰকাঠাত নকল নোটৰ সৈতে চাৰিজনক আটক কৰে আৰক্ষীয়ে । হাজো-দৌলাশাল-বৰপেটা পথৰ লোহাৰকাঠাত এখন চাৰিচকীয়া বাহনৰ সৈতে লোককেইজনক আটক কৰে মুকালমুৱাৰ আৰক্ষীয়ে । আটকাধীন লোককেইজন মনিদুল, অন্নাচ আলী, আজিদুল ভূঞা আৰু নুৰ হুছেইন বুলি জানিবলৈ পৰা গৈছে । ধৃতকেইজন বৰপেটাৰ বুলি জানিব পৰা গৈছে । 

আৰক্ষীয়ে লোককেইজনৰ পৰা 2,52,500 টকাৰ নকল নোট জব্দ কৰাৰ লগতে AS 01 FK 9901 নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰে । লোককেইজনে বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এক গোপন তথ্যৰ ভিত্তিত মুকালমুৱাৰ লোহাৰকাঠাত লোককেইজনকে মুকালমুৱা আৰক্ষীয়ে নকল নোটসহ আটক কৰে । পৰৱৰ্তী সময়ত মুকালমুৱা আৰক্ষীয়ে ধৃত লোককেইজনক লগত লৈ বৰপেটাৰ ভেৰাগাঁৱত অভিযান চলাই নকল নোট বনোৱা মেচিনো এটা উদ্ধাৰ কৰে । 

জানিব পৰা মতে ধৃতকেইজনে বৰপেটাৰ ভেৰাগাঁৱৰ ৰেজ্জাক আলী নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল । মুকালমুৱা আৰক্ষীয়ে ৰেজ্জাক আলীৰ ভাড়াঘৰটোত অভিযান চলাই নকল টকা বনোৱা মেচিনটো উদ্ধাৰ কৰে । বৰ্তমান লোক কেইজনক মুকালমুৱা আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: Amguri constituency abolished: বিলুপ্ত আমগুৰিত স্তব্ধ জনজীৱন; ৰাজপথত জুই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.