Peddlers arrested with 36 kg opium: কালৰো কাল বিপৰীত কাল, গাখীৰৰ পেকেটত আফিং

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 1:41 PM IST

thumbnail

ৰঙিয়া/বাইহাটা, 8 নৱেম্বৰ : কামৰূপ আৰক্ষীৰ বৃহৎ সাফল্য । এক গোপন খবৰৰ ভিত্তিত এছ টি এফৰ ডি আই জি পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলা মঙলবাৰে কামৰূপ আৰক্ষী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত ৬ কোটি টকাৰ আফিং জব্দ । লগতে গ্ৰেপ্তাৰ চাৰিটা সৰবৰাহকাৰী । প্ৰায় ৩৬ কেজিকৈ আফিং সৰবৰাহৰ কৰি থকাৰ মুহূৰ্তত গ্ৰেপ্তাৰ ৰঙিয়াৰ বালাগাঁৱৰ মামতুল আলী, চফিকুল অলী, ৰাজু আলী আৰু আইনুল হক ।

মণিপুৰৰ পৰা ৰঙিয়ালৈ আনি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ আফিংখিনি । ৰৌতাৰ পৰা আৰক্ষীয়ে তিনিখনকৈ জিলাত খেদি খেদি গ্ৰেপ্তাৰ কৰে চাৰি আফিং সৰবৰাহকাৰীক । বলেৰ’ পিকআপ ভেনত লৈ আহিছিল বৃহৎ পৰিমাণৰ আফিংখিনি । অৱশেষত আমিনগাঁৱত আৰক্ষীৰ হাতত ধৰা পৰে আফিংসহ চাৰি সৰবৰাহকাৰী । আৰক্ষীৰ সূত্ৰ অনুসৰি দীৰ্ঘদিনৰ পৰা মামতুল আলীয়ে ৰঙিয়াৰ লগতে বহিঃৰাজ্যতো আফিং সৰবৰাহ কৰি আহিছিল । অৱশেষত মঙলবাৰে গভীৰ নিশা আৰক্ষীয়ে ৬ কোটি টকাৰ আফিংসহ চাৰিজনক গ্ৰেপ্তাৰ কৰাত ৰঙিয়াৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে । পিচত আৰক্ষীয়ে আফিংসহ চাৰি সৰবৰাহকাৰীক এছ টি এফক চমজাই দিয়ে ।

লগতে পঢ়ক : Drugs seized: একাংশৰ বাবে ইজি মানিৰ আন এক নাম- ড্ৰাগছৰ বেপাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.