Cattle Thieves Arrested:এতিয়া গৰু চোৰৰ টোপনি নাইকিয়া কৰিব আৰক্ষীয়ে

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:59 PM IST

thumbnail

কলিয়াবৰ, 3 নৱেম্বৰ : কলিয়াবৰত গৰু চুৰি সংঘটিত কৰি ত্ৰাসৰ সৃষ্টি কৰা চাৰিটা গভাইত গৰু চোৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি গৰু চুৰি কৰি অঞ্চলটোত সৃষ্টি কৰি আহিছিল ত্ৰাসৰ ৷

উলুৱনী আৰক্ষী আৰু চুলুং আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আটক কৰে এই চাৰিটা গৰু চোৰক । আটকাধীন গৰু চোৰ কেইটা হ’ল লাইলুৰিৰ গুলজাৰ হুছেইন, ২ নং বৰঘূলীৰ ইদুল হুছেইন, পূৱ-লৰিমুখৰ মছলিম উদ্দিন আৰু খলিহামাৰিৰ চুন্দৰ আলী ।

আটকাধীন গৰু চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুখন বাহন আৰু এখন কৰে কে টি এম মটৰচাইকেল । বিলাসী বাহন দুখনৰ নম্বৰ হৈছে এ এছ ০২ জেড ০৯৬৮ আৰু এ এছ ০২ বি চি ০৭৩৯ ৷ আনহাতে কৰে কে টি এম মটৰচাইকেলখনৰ নম্বৰ হৈছে এ এছ ১২ ৮২৬২ । গভাইত গৰু চোৰ কেইটাক চুলুং আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Cattle smuggling : অবৈধভাৱে কঢ়িয়াই অনা গৰুভৰ্তি বাহন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.