Gambler ex mla detained: জুৱা খেলি থানাৰ আলহী হ’ল নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক নৰেন সোণোৱাল

By

Published : Mar 17, 2023, 8:37 PM IST

thumbnail

ডিব্ৰুগড়, 17 মাৰ্চ: নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাচত বহু নেতাই নিজকে ব্যস্ত ৰাখে ভিন্ন ধৰণে ৷ কোনোবাই ৰাইজৰ মাজত নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰে পৰৱৰ্তী নিৰ্বাচনৰ বাবে সাজু হয়, আন কোনোবাই আকৌ বিভিন্ন মন্তব্যৰে ৰাজনৈতিক দলসমূহক আক্ৰমণ কৰি চৰ্চাত থাকিব খোজে ৷ পিচে অসমৰে এগৰাকী প্ৰাক্তন বিধায়ক এইবাৰ চৰ্চালৈ আহিছে ব্যতিক্ৰম ধৰণেৰে ৷ নিৰ্বাচনত হৰাৰ পাচত তেওঁৰ যেন বিশেষ কোনো কাম নাইকিয়া হ’ল ৷ সেয়ে জুৱা খেলিয়েই সময় কটাইছে বিধায়কগৰাকীয়ে ৷ কিন্তু বৃহস্পতিবাৰে গুৰু বেয়া আছিল তেওঁৰ, যাৰ বাবে বিধায়কগৰাকী ফান্দত পৰিল আৰক্ষীৰ (Assam ex MLA detained for gambling) ৷

অসম আৰক্ষীয়ে ৰাজ্যত জুৱাৰ আড্ডা নিষিদ্ধ কৰিছে । আৰক্ষীয়ে জিলাই জিলাই অভিযান চলাই বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতো একাংশ অভিজাত লোক আজিও ব্যস্ত জুৱাৰ আড্ডাত । এইবাৰ জুৱা খেলি আটক হ'বলগা হ'ল নাহৰকটীয়াৰ প্ৰাক্তন অগপ বিধায়ক নৰেন সোণোৱাল । নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক নৰেন সোণোৱালক ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা নিশা আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে (Former AGP MLA Naren Sonwal detained) ৷ 

আটকাধীন 7 জনকৈ জুৱাৰীৰ মাজৰ অন্যতম আছিল নৰেন সোণোৱাল । ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই আটক কৰে জুৱাৰীৰ দলটোক । ওৰে নিশা প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে জুৱাৰী কেইজনক সদৰ থানাত বহাই থ’লে আৰক্ষীয়ে । এই ঘটনাই ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ সচেতন ৰাইজৰ মাজতো ব্যাপক চৰ্চা লাভ কৰিছে (Gambling in Dibrugarh) ।

লগতে পঢ়ক: HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাক মাৰাথন জেৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.