Flood and Fright of Elephant Attack:মাজুলীত মহঙা কেৰাচিনে কন্দুৱাইছে বন্যাৰ্তক

By

Published : Jul 15, 2023, 8:23 PM IST

thumbnail

মাজুলী, 15 জুলাই : এফালে যদি বানৰ বিভীষিকা আনফালে বন্যহস্তীৰ আতংক । বানপানীৰ বাবে ব্যাহত হৈ আছে বিদ্যুৎ । ইফালে পাবলৈ নাই কেৰাচিন তেল । কোনোৱে যদি দিনৰ পোহৰত ভাত ৰান্ধি খাইছে, কোনোজনে ম’মৰ পোহৰত ৰান্ধিছে ভাত । বান পীড়িত অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত কৰি দিয়াত উপায়ন্তৰ হৈ পৰিছে গঞা ! কেৰাচিন তেলৰ অত্যাধিক দামৰ বাবে বজাৰত উপলব্ধ নহয় কেৰাচিন তেল ।

দুই তিনি বছৰে নীলা কেৰাচিন তেল কি বস্তু মানুহে দেখি নোপোৱা হ’ল । অন্ধকাৰত ডুব গৈছে পূব মাজুলীৰ কেইবাখনো নৈপৰীয়া গাঁও । বানৰ সমান্তৰালকৈ বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাব লগা হৈছে বন্যাক্ৰান্ত গঞাই । নিশা একঁকাল পানীত নামি বনৰীয়া হাতীৰ বিৰুদ্ধে পহৰা দিয়াত ব্যস্ত মাজুলীৰ বন বিভাগৰ লোক ।

ইফালে হাতী খেদিবলৈ গাঁৱৰ ৰাইজৰ সম্বল হৈছে এটা টৰ্চ বা এডাল মম মাথোন । ভয়-আতংকৰ মাজত বিনিদ্ৰ ৰজনী কটাইছে বন্যাক্ৰান্ত ৰাইজে । দুৰ্দিন কটাই থকা ৰাইজৰ খবৰ লবলৈয়ো আহৰি নাই প্ৰশাসনৰ । এতিয়া এই বানপীড়িত ৰাইজে প্ৰশাসনলৈ পোহৰৰ বাবে ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে । 

লগতে পঢ়ক : Elephant menace in Majuli : মাজুলীৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.