এতিয়াৰে পৰা মাজুলীলৈ যাবলৈ আপুনি নাপাব জাহাজ সেৱা

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 12:44 PM IST

thumbnail

মাজুলী, 4 জানুৱাৰী : মাজুলীবাসীৰ বাবে বেয়া খবৰ ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে নিমাতী-কমলাবাৰী মাজত চলাচল কৰা 5 খনকৈ চৰকাৰী জাহাজৰ সেৱা সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইতিমধ্যে নিমাতী-কমলাবাৰী মাজত চলি থকা দুখনকৈ জাহাজো আজি বন্ধ ঘোষণা কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । 

এতিয়া জাহাজ সেৱা বন্ধ হোৱাৰ লগে লগে কেৱল গুটীয়া ফেৰীৰে পাৰাপাৰ হৈছে যাত্ৰীসকলে । আনহাতে, অফলামুখ-নিমাতীৰ মাজেৰে বিভাগে যাত্ৰীৰ সুবিধা হোৱাকৈ নতুন সময়সূচীৰে টিপ বহাই দিয়া হৈছে ৰ'পেক্স সেৱা । যদিহে নিমাতী কমলাবাৰী চেনেলত খনন কাৰ্য নচলাই তেনেহ’লে গুটীয়া ফেৰীসমূহো দুই এদিনৰ ভিতৰত বন্ধ হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই ক্ষেত্ৰত আগন্তুক দিনসমূহত চৰকাৰ তথা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ’ব ।

লগতে পঢ়ক: বিদ্যুৎচালিত বাছ মুকলিৰ পিচতে বন্ধ কৰি দিয়া হ’ল 200খন ব্যক্তিগত চিটি বাছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.