Firing in Sivasagar : শিৱসাগৰত ব্যৱসায়ীৰ বাসগৃহলৈ অচিনাক্ত দুৰ্বৃ্ত্তৰ গুলীচালনা

By

Published : Feb 2, 2023, 3:58 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

শিৱসাগৰ, 2 ফেব্ৰুৱাৰী : শিৱসাগৰ চহৰৰ মাজমজিয়াত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা (Firing in Sivasagar)৷ চহৰখনৰ ধাইআলিত দিন দুপৰতে সংঘটিত হ’ল অজ্ঞাত লোকৰ গুলীচালনা ৷ গুলীচালনাত কথমপি প্ৰাণৰক্ষা পৰে মহিলাৰ ৷

ৰাজ্যত অব্যাহত আছে আইন-শৃংখলাজনিত পৰিস্থিতি ৷ আৰক্ষীৰ (Sivasagar Police) দুৰ্বলতাৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই দিন-দুপৰতে গুলীচালনা কৰিলে শিৱসাগৰত ৷ শিৱসাগৰৰ ধাইআলিৰ এগৰাকী ব্যৱসায়ীৰ ভাড়াঘৰলৈ লক্ষ্য কৰি ফুটোৱা হ’ল এক জাই গুলী ৷ উক্ত গুলীয়ে ঘৰৰ টিনপাত ভেদি ভিতৰত প্ৰৱেশ কৰে ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে ঘৰখনৰ ভিতৰত থকা দুগৰাকী মহিলা (Firing to businessman residence in Sivasagar)৷  

ধাইআলিৰ মচজিদৰ (Dhai Ali Mosque Sivasagar) সমীপৰ মুহিবুল হুছেইন পথৰ ইমৰাণ হুছেইন নামৰ ব্যৱসায়ীজনে বাস কৰা ভাৰাঘৰলৈ লক্ষ্য কৰি অজ্ঞাত দুৰ্বৃত্তই কৰিলে গুলীচালনা ৷ বুধবাৰে দুপৰীয়া 12ৰ পৰা 1 বজাৰ ভিতৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ বিকট শব্দৰে টিন ফুটি কোঠাৰ ভিতৰত পৰিল দুৰ্বৃত্তৰ গুলী ৷ উল্লেখ্য যে, গুলী চালনাৰ সময়ত বাসগৃহটোৰ ভিতৰত ইমৰাণ হুছেইনৰ পত্নী আৰু এগৰাকী বান্ধৱী আছিল ৷ সৌভাগ্যক্ৰমে মহিলা দুগৰাকীৰ কোনো আহত নহ’ল ৷ বুধবাৰৰ আকস্মিক গুলীচালনাৰ পাছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ঘটনা সংঘটিত হোৱাৰ পাছ উক্ত স্থানত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে  ৷ ঘটনাস্থলীত ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াও উপস্থিত হৈছে ৷  দিন-দুপৰতে এগৰাকী ব্যৱসায়ীৰ বাসগৃহলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাৰ পাছত স্বাভাৱিকতেই নিৰাপত্তহীনতাত ভুগিছে ব্যৱসায়ী পৰিয়ালটো ৷ শিৱসাগৰ আৰক্ষীৰ তদন্তত গুলীচালনাৰ ৰহস্য ভেদ হোৱালৈ অপেক্ষা কৰিছে পৰিয়ালটোৰ লগতে স্থানীয় লোকসকল ৷

লগতে পঢ়ক: Sensational Kidnapping in Rangia: ৰঙিয়াৰ অপহৰণকাণ্ডৰ ৩ অভিযুক্তক শুৱালকুছিত গ্ৰেপ্তাৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.