Attempt to Murder: পত্নীক মাৰধৰ কৰাৰ বাবে পৰিয়ালৰ লোকৰ হত্যাৰ চেষ্টা স্বামীক

By

Published : Jul 21, 2023, 9:03 PM IST

thumbnail

জনিয়া,21 জুলাই: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰী গাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । পত্নীক মাৰধৰ কৰাৰ বাবে শহুৰেকৰ পৰিয়ালে হত্যাৰ চেষ্টা চলালে তাইজউদ্দিন নামৰ লোকজনক ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা তাইজউদ্দিন আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ কিন্তু সমীপতে থকা শহুৰেকৰ পৰিয়ালৰ কেইবাজনো লোকে দলবদ্ধ আক্ৰমণ কৰে তাইজ উদ্দিনক ৷ খুলশালিয়েক আইনুদ্দিনে চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা কৰে ভিনীহিয়েক তাইজউদ্দিনক।  

উক্ত ঘটনাৰ সময়ত তাইজউদ্দিনৰ সন্তানে চিঞৰ বাখৰ কৰাত পলায়ন কৰে আক্ৰমণকাৰী লোককেইজন ৷ ইফালে আইনুদ্দিনে ভিনীহিয়েক  তাইজউদ্দিনৰ ঘৰত থকা আ-অলংকাৰ, নগদ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সম্প্ৰতি ভুক্তভোগী তাইজউদ্দিনে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ কিন্তু বৰ্তমান সময়লৈকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা নাই । উক্ত ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তাইজউদ্দিনক চিকিৎসাৰ বাবে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

লগতে পঢ়ক:Erosion at Kalgachia : ঈদৰ আগদিনা চকুলো টুকিছে কলগাছিয়াৰ খহনীয়াগ্রস্ত লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.