APSC কেলেংকাৰীৰ বিৰুদ্ধে আদালতত প্ৰথম গোচৰ তৰা মানস প্ৰতীম বৰুৱাৰে আছুতীয়া সাক্ষাৎকাৰ

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 6:04 PM IST

thumbnail

নগাঁও, ২৪ নৱেম্বৰ: ৰাকেশ পাল এণ্ড কোম্পানীৰ আৰ্শীবাদত কম নম্বৰ লাভ কৰিও অসম লোকসেৱা আয়োগৰ চাকৰি লাভ কৰা একাংশ বিষয়াৰ বিৰুদ্ধে পুনৰ আৰম্ভ হোৱা তদন্তই আকৌ এবাৰ সৃষ্টি কৰিছে জোঁকাৰণিৰ । পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালৰ আৰম্ভনিতেই এ পি এছ চি কেলেংকাৰীৰ ঘটনা পোহৰলৈ আনি ৰাইজৰ বাঃবাঃ ল’বলৈ সক্ষম হৈছিল বিজেপি দলে । কিন্তু এ পি এছ চিৰ তদন্তক লৈ এইবাৰ চৰকাৰৰ বিৰুদ্ধেই সৰৱ হ'ল ২০১৩ বৰ্ষৰ এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ দাবী জনায় প্ৰথমবাৰৰ বাবে আদালতত আবেদন জনোৱা নগাঁৱৰ মানস প্ৰতীম বৰুৱা ।

পূৰ্বৰ তদন্ত সম্পূৰ্ণ নিৰপেক্ষ নোহোৱাৰ বাবেই এছ আই টিৰ তদন্তত পুনৰ ৩৭ গৰাকী কৰ্মৰত ৰাজপত্ৰিত বিষয়াৰ নাম নিযুক্তি কেলেংকাৰীত সাঙোৰ খোৱা বুলি দাবী কৰিছে মানস প্ৰতীম বৰুৱাই । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ভূমিকাক লৈ সৰৱ হৈ পৰে মানস প্ৰতীম বৰুৱা । শুকুৰবাৰে ই টি ভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে Fight For APSC Scam ৰ অন্যতম সদস্য মানস প্ৰতীম বৰুৱাই ।

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰীৰ অভিযুক্ত বিষয়াৰ ভৱিষ্যৎ এতিয়া চৰকাৰৰ হাতত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.