গোলাঘাটত EVM প্ৰদৰ্শন কেন্দ্ৰ মুকলি

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:30 PM IST

thumbnail

গোলাঘাট,১২ জানুৱাৰী: সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি গোলাঘাট জিলা প্ৰশাসনৰ । গোলাঘাট জিলাৰ মুঠ তিনিখন নিৰ্বাচনী জিলা ধনশিৰি, বোকাখাত আৰু গোলাঘাটৰ উপৰিও গোলাঘাট নিৰ্বাচনী জিলাত পূৰ্বে দুটা বিধানসভা সমষ্টি আছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে তিনিটা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে । এই সমষ্টি কেইটা ক্ৰমে গোলাঘাট, খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টি । সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত বহু নতুন ভোটাৰৰ নাম জিলাখনত অন্তৰ্ভুক্ত হৈছে ।  

লক্ষ্যণীয়ভাৱে EVM ক লৈ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে । সেয়ে নিৰ্বাচনী আয়োগৰ নিৰ্দেশমৰ্মে গোলাঘাট নিৰ্বাচনী শাখাই জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত মুকলি কৰে EVM প্ৰদৰ্শন কেন্দ্ৰ । ইয়াৰ পৰা নতুন ভোটাৰসকলে কেনেদৰে ভোটদান কৰিব তাৰ বাবে এই কেন্দ্ৰটোৰ জড়িয়তে পৰীক্ষা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও ভোটাৰসকলে ভোট দান কৰাৰ পাছত নিজৰ ভোট সঠিকভাৱে হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে ভি,ভি,পেট স্থাপন কৰা হৈছে ।  

এই কথা সদৰি কৰে গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত দামোদৰ বৰ্মনে । আগন্তুক লোকসভা নিৰ্বাচনলৈকে মুকলি থাকিব এই প্ৰদৰ্শন কেন্দ্ৰ । অতিৰিক্ত আয়ুক্তগৰাকীয়ে নিজৰ পৰিয়ালৰ সৈতে প্ৰদৰ্শন কেন্দ্ৰলৈ আহি EVM ত পৰীক্ষামূলক ভোটদান কৰি নিজৰ সন্দেহ দুৰ কৰিবলৈ গোলাঘাটৰ সকলো জনসাধাৰণক আহ্বান জনায় । 

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ: কাৰ হাতলৈ যাব পৰিষদৰ বাঘজৰী ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.