Free Eye Treatment Camp: লখিমপুৰত সাংবাদিকৰ বাবে বিনামূলীয়া চকু চিকিৎসা সেৱা

By

Published : Jan 28, 2023, 5:04 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

লখিমপুৰ,২৮ জানুৱাৰী: আন্তর্জাতিক বঁটা বিজেতা আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ইআৰচি লেন্স ডট কমে লখিমপুৰত আৰম্ভ কৰে চকু চিকিৎসা সেৱা(ERC Lens dot com starts eye treatment services in Lakhimpur) । শনিবাৰে প্ৰতিষ্ঠানটোৱে লখিমপুৰৰ সাংবাদিক সকলৰ বাবে এক বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰে(Free Eye Treatment Camp in Lakhimpur) । আন্তর্জাতিক বটা বিজয়ী, পূৱ ভাৰতৰ আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ইআৰচি লেন্স ডট কমে শনিবাৰে বিয়লি লখিমপুৰত সাংবাদিকসকলৰ বাবে বিনামূলীয়া এক চকু চিকিৎসা শিবিৰৰ আয়োজন কৰে(Free Eye Treatment Camp for Journalist) । 

লখিমপুৰ নগৰৰ সমীপৰ চাবতিৰ সৌমাৰপীঠ হাস্পতালত আয়োজন কৰা হয় এই শিৱিৰৰ । চিকিৎসা শিবিৰৰ পূৰ্বে ইআৰচি ডট কমে অনুষ্ঠিত কৰে এখন সংবাদমেল । প্ৰতিষ্ঠানটোৰ পৰা ডেইজী শইকীয়া, দীক্ষা আদিৰ লগতে সৌমাৰপীঠৰ চিকিৎসক কে বিভা দাসসহ ইআৰচিৰ অন্যান্য কৰ্মচাৰীসকলে অংশগ্রহণ কৰে । সংবাদমেলখনত তেওঁলোকে প্ৰকাশ কৰা অনুসৰি ইআৰচি লেন্স ডট কমে এতিয়ালৈ পাঁচ লাখৰো অধিক লোকৰ চকুৰ চিকিৎসা সফলতাৰে সম্পন্ন কৰিছে । 

অসমৰ লগতে পশ্চিমবংগ, নাগালেণ্ড, বিহাৰ, আদিত চিকিৎসা সেৱা আগবঢ়াই অহা ইআৰচি লেন্স ডট কমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi), বিশ্ব বেংকৰ ৱাশ্বিংটন ডিচি কাৰ্যালয়কে ধৰি একাধিক বিশ্বমানৰ স্বীকৃতি লাভ কৰিছে । ২০২০ চনত বিশ্ব জুৰি শীর্ষ উদীয়মান টেক কোম্পানীসমুহৰ ভিতৰত অন্তৰ্ভুক্ত কৰি পুৰস্কৃত কৰা হৈছিল । অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি প্ৰতিজনৰ দুৱাৰদলিত কম ব্যয়ত উন্নত মানৰ চকু চিকিৎসা কৰিবলৈ সহজলভ্য ব্যবস্থা গ্রহণ কৰি ইআৰচিয়ে নিৰন্তৰ প্ৰয়াস কৰি আহিছে । 

তেওঁলোকে আৰু জনোৱা মতে নেপাল আৰু দক্ষিণ ভাৰতত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকে এই প্ৰতিষ্ঠানৰে জৰিত হৈ কাম কৰি আছে । ৰোগীক সুলভ মূল্যত সৰ্বোত্তম সকলো প্ৰকাৰৰ চিকিৎসা আৰু সেৱা প্ৰদান ৰ উদেশ্যে প্ৰতিষ্ঠা নটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফৰ্ড বিশ্ব বিদ্যা লয়ৰ সৈতে অংশীদাৰ হৈছে । লখিমপুৰত তেওঁলোকে সৌমাৰপীঠ হাস্পটালত এই সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্রহণ কৰিছে আৰু যি ঠাইসমুহত এতিয়াও চকুৰ চিকিৎসা সহজলভ্য হোৱা নাই তেনে ঠাইত ইআৰচি এ আগ্ৰহেৰে সেৱা আগবঢ়াব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰকাশ কৰে । 

লগতে পঢ়ক: Assam DGP reaction on Madrassa : অবৈধ মাদ্ৰাছাক লৈ পুনৰ সৰৱ আৰক্ষী সঞ্চালক প্ৰধান

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.