Durga Puja 2023: ডিব্ৰুগড়ৰ পূজা মণ্ডপত উজ্জীৱিত মাছমৰীয়াৰ জীৱন

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 3:01 PM IST

thumbnail

ডিব্ৰুগড়,২১ অক্টোবৰ: ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক আনন্দ-উচাহ । শুকুৰবাৰে বেল বোধনৰে দেৱীক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰাৰ পাছত শনিবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে । মহাসপ্তমীৰ আনন্দত মতলীয়া ৰাজ্যবাসী । মহাসপ্তমীৰ পুৱাই ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে ডিব্ৰুগড়ৰ প্ৰতিখন পূজা মণ্ডপত । বিভিন্ন ৰূপত নিৰ্মাণ কৰা পূজা মণ্ডপত মা দুৰ্গাক সেৱা কৰিছে ভক্তপ্ৰাণ ৰাইজে ।  

ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ মিউনিচিপালিটি কলনীৰ পূজা মণ্ডপ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে বাবে । মাছমৰীয়াৰ জীৱন পদ্ধতিক লৈ নিৰ্মাণ কৰা হৈছে ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ মিউনিচিপালিটি কলনীৰ পূজা মণ্ডপ । পূজা মণ্ডপত উপস্থাপন কৰা হৈছে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সকলো সামগ্ৰী যেনে, জাকৈ, খালৈ, চেপা, পল', খেৱালি জাল, জুলুকি, চালনি, ডিঙৰা আদি । যি সমূহ সামগ্ৰী চাবলৈ শিশুৰ পৰা বৃদ্ধলৈ ভিৰ কৰিছেহি । কলিকতাৰ পৰা শিল্পী আনি উদ্যোক্তা সকলে এই আটকধুনীয়া পূজা মণ্ডপটি নিৰ্মাণ কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।  

লগতে পঢ়ক: Prasanta Phukan inaugurates Puja mandap : ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টি পূজা মণ্ডপত বিধায়ক প্ৰশান্ত ফুকন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.