Hojai Durga immersion : হোজাইৰ বিজয়া ঘাটত মহিষ মৰ্দিনীক বিদায়

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:51 PM IST

thumbnail

হোজাই, 24 অক্টোবৰ : আজি বিজয়া দশমী ৷ সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ দিয়া প্ৰক্ৰিয়া চলি আছে ৷ হোজাইৰ বিজয়া ঘাটত হোজাই পৌৰ সভা আৰু হোজাই আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পূজা সমিতিসমূহক প্ৰতিমা বিসৰ্জন দিবলৈ ব্যৱস্থা কৰি দিছে ৷ বাতৰি যুগুত কৰা পৰলৈকে বিজয়া ঘাটত প্ৰতিমা বিসৰ্জন দি থকা হৈছে ৷

অৱশ্যে গুৱাহাটী, নগাঁও আদিকে ধৰি বিভিন্ন অঞ্চলত বুধবাৰ অৰ্থাৎ কাইলৈও বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত থাকিব যদিও হোজাই জিলাত আজি নিশাৰ ভাগতেই দেৱী বিসৰ্জন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰিছে হোজাই জলা প্ৰশাসনে ৷ হোজাই জিলা প্ৰশাসনৰ পৰিচালনাত সম্পূৰ্ণ নীতি-নিৰ্দেশনা মানি শান্তিপূৰ্ণভাৱে বিসৰ্জন প্ৰক্ৰিয়া চলাই থকা হৈছে ৷ এই কথা সদৰী কৰিছে জিলা উপায়ুক্ত লাচিত কুমাৰ দাসে ।

লগতে পঢ়ক : Durga immersion in Guwahati : চূণচালি জয়পুৰ ঘাটত প্ৰায় ৪০ খন পূজাৰ প্ৰতিমা বিসৰ্জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.