Durga Puja 2023 : পৰম্পৰা অনুসৰি প্ৰথমে বিসৰ্জন শিৱ দৌলৰ প্ৰতিমা

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 3:44 PM IST

thumbnail

শিৱসাগৰ,২৪ অক্টোবৰ : আজি বিজয়া দশমী । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনৰ সহযোগত দুৰ্গা পূজা কমিটীসমূহে প্ৰতিমা বিসৰ্জন কৰিছে । শিৱসাগৰ জিলাতো প্ৰতিমা বিসৰ্জনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শিৱসাগৰৰ নগৰৰ ২৬ খন পূজা মণ্ডপৰ প্ৰতিমা নগৰৰ থানা ঘাটত প্ৰশাসনে বিসৰ্জনৰ ব্যৱস্থা কৰি দিছে । জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গ্ৰহণ কৰিছে । পৰম্পৰা অনুসৰি ২৯০ বছৰীয়া ঐতিহাসিক দেৱী দ'লৰ অস্থায়ী প্ৰতিমা প্ৰথমে বিসৰ্জন দিয়া হয় আৰু তাৰ পাছতে বাকী পূজা মণ্ডপৰ প্ৰতিমাসমূহো বিসৰ্জনৰ প্ৰক্ৰিয়া চলিছে । বিজয়া দশমী উপলক্ষে থানামুখৰ দিখৌৰ নদীৰ থানাঘাটত যথেষ্ট ভক্তৰ সমাৱেশ ঘটিছে । ঢাক-ঢোল, শংখ, তাল আদিৰ শব্দত মুখৰিত হৈ পৰিছে শিৱসাগৰ নগৰৰ প্ৰতিমা বিসৰ্জন ঘাট ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.