Drugs seized: লাহৰীজানত উদ্ধাৰ চাৰি কোটি টকাৰ ড্ৰাগছ

By

Published : Jul 22, 2023, 9:32 PM IST

thumbnail

ডিফু, ২২ জুলাই : অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজান টহলদাৰী চকীৰ সন্মুখৰ নিয়মীয়া তালাচীত বিয়লি প্ৰায় ৩.৩০ বজাত ডিলাই থানা আৰু লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে ইম্ফলৰ পৰা আহি থকা এম এইচ-০২-চিপি-০৯৪২ নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনত তালাচী চলায় । 

আৰক্ষীৰ স্নিফাৰ ডগ ‘য়ীলʼ (বকো) ৰ সহযোগত চলোৱা উক্ত অভিযানত আৰক্ষীয়ে দুটা পেকেটত এক কিঃগ্ৰাঃ মৰফিন, ৩২ টা চেমপ্লেক্স টেবলেট, নগদ ৪৩,৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দ হোৱা নিচাযুক্ত সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় চাৰি কোটি টকা । এই সন্দৰ্ভত আৰক্ষীয়ে ইম্ফলৰ মায়ং নিবাসী চেচাম হেফাজুদ্দিন (২৮) আৰু মধ্যপ্ৰদেশৰ নাছিৰ হুছেইন (৪২) নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে । জব্দ হোৱা সামগ্ৰীখিনি মধ্যপ্ৰদেশলৈ সৰবৰাহ কৰি নিয়া হৈছিল বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : Drugs Destruction: ডিফুত 95 কোটি টকাৰ নিচাযুক্ত ড্ৰাগছ দহন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.