Drugs Seized in Golaghat: গোলাঘাটত ড্ৰাগছসহ চাৰিটা সৰবৰাহকাৰীক আটক

By

Published : Aug 9, 2022, 5:44 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ৰাজ্যত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছসহ সৰবৰাহকাৰী আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ বৰপেটাৰ পিছতে এইবাৰ গোলাঘাটৰ পদুমণিত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs Seized in Golaghat)৷ গোলাঘাটৰ পদুমণিত গোলাঘাট আৰক্ষীয়ে নাগালেণ্ডৰ পৰা দেৰগাঁও অভিমুখী এখন বলেৰ' পিক আপ বাহনৰ চীটৰ পাছফালে লুকুৱাই অনা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে ৷ লগতে আৰক্ষীয়ে 4 টাকৈ সৰবৰাহকাৰীক আটক কৰে (4 Peddlers arrested by Golaghat Police)৷ আটকাধীন চাৰি সৰবৰাহকাৰী হৈছে আটিক ৰহমান, হাচিম আলি, চাজিদুৰ আলি, ইমতিয়াজ আহমেদ ৷ আৰক্ষীয়ে এই অভিযানত গাড়ীখনৰ পৰা ২৬ টা ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ কৰে ৷ উল্লেখ্য যে মঙলবাৰে বৰপেটাত আৰক্ষীয়ে সৰবৰাহকাৰীসহ ব্ৰাউন ছুগাৰৰ কেবাটাও কণ্টেইনাৰ জব্দ কৰে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.