Drugs seized in Golaghat: গোলাঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Oct 19, 2022, 8:21 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

‘‘মই ড্ৰাগছ নেবেচো, খাওঁহে’’ এইদৰে সাংবাদমাধ্যমৰ সন্মুখত কান্দি কান্দি ক’লে এজন যুৱকে ৷ ঘটনা অনুসৰি, বুধবাৰে এটা ড্ৰাগছৰ কন্টেইনাৰ, চিৰিঞ্জ ইত্যাদিসহ (Drugs seized in Golaghat) ৰাইজৰ হাতত ধৰা পৰে গোলাঘাটৰ দোলাষৰীয়াৰ উদয়ন শ‌ইকীয়া নামৰ এজন যুৱক ৷ ৰাইজৰ অভিযোগ মতে, দীৰ্ঘদিন ধৰি যুৱকজনে ড্ৰাগছৰ সেৱন আৰু সৰবৰাহৰ সৈতে জড়িত হৈ আছিল । বিগত কেবাদিনো ধৰি ৰাইজে চকু ৰাখিছিল যুৱকজনৰ ওপৰত যদিও প্ৰতিবাৰেই সাৰি গৈছিল যুৱকজন । বুধবাৰেও যুৱকজন আহিছিল ড্ৰাগছ সৰবৰাহ কৰিবলৈ ৷ পিছে ভাগ্য বেয়া আছিল যুৱকজনৰ ৷ অঞ্চলটোৰ পথৰ দাঁতিত ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত ৰাইজৰ হাতত হাতে-লোটে ধৰা পৰে যুৱকজন । পৰৱৰ্তীসময়ত ঘটনাস্থলীত কমাৰবন্ধা আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে যুৱকজনক (Drugs paddler arrested in Golaghat) ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.