Firing incident at Hojai : হোজাই লংকাৰ নখুটিত ভয়ংকৰ ঘটনা; আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি ড্ৰাগছ ব্যৱসায়ীৰ গুলীচালনা

By

Published : Aug 19, 2023, 9:36 PM IST

thumbnail

হোজাই, 19 আগষ্ট : এইবাৰ আৰক্ষীৰ বাহনলৈ ড্ৰাগছ মাফিয়াৰ গুলীচালনা ৷ হোজাই লংকাৰ নখুটিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ এই অঞ্চলত আৰক্ষী আৰু ড্ৰাগছ ব্যৱসায়ীৰ মাজত সৃষ্টি হয় সংঘাত ৷ আৰক্ষীৰ বাহনক লক্ষ্য কৰি ড্ৰাগছ ব্যৱসায়ীয়ে চলায় গুলী ৷ 

জানিব পৰা মতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলাইছিল এই অঞ্চলটোত ৷ এই অভিযানৰ সময়তে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে ড্ৰাগছ মাফিয়াই ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত 8 জন লোকক আটক কৰিছে হোজাই আৰক্ষীয়ে ৷ ড্ৰাগছৰ বিৰুদ্ধে বৰ্তমানেও এই অভিযান অব্যাহত আছে হোজাই আৰক্ষীৰ ৷

লগতে পঢ়ক : MLA Prasanta Phukan: ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ ; অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.