Tribal guest house at Sarupathar:ডা:ৰণোজ পেগুৱে উদ্বোধন কৰিলে ট্ৰাইবেল অতিথি গৃহ

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 8:51 PM IST

thumbnail

সৰুপথাৰ, ২২ আগষ্ট : সৰুপথাৰৰ নাহৰণি ১০নং ৱাৰ্ডত নৱ-নিৰ্মিত জনজাতি অতিথি গৃহ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰ মন্ত্ৰী মাননীয় ডাঃ ৰণোজ পেগু ডাঙৰীয়াই । লগতে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বহু বিশিষ্ট ব্যক্তি ।

ইয়াৰ পিচতে শিক্ষামন্ত্ৰীগৰাকীয়ে সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হৈ জনজাতি উন্নয়ন সম্পৰ্কত, নতুন শিক্ষানীতি ২০২০ প্ৰৱৰ্তন সম্পৰ্কে ভাষণ প্ৰদান কৰে । সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উপস্থিত থাকে ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, মহাবিদ্যালয়ৰ অধ্যক্ষা ড° প্ৰাপ্তি ঠাকুৰ, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী, ধনশিৰি জিলা ট্ৰাইবেল সংঘৰ সভাপতি ললিত দৈমাৰী, ধনশিৰি জিলা ট্ৰাইবেল সংঘৰ সম্পাদক জয়ন্ত বসুমতাৰী, ধনশিৰি জিলা ট্ৰাইবেল সংঘৰ উপদেষ্টা অৱনী শ্যাম, বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীৰ লগতে বড়ো সাহিত্য সভাৰ সদস্যসকল ।

লগতে পঢ়ক : Guest house inaugurated at Simen Chapori:চিমেন চাপৰিত নকৈ নিৰ্মিত অতিথি গৃহ উদ্বোধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.