মুছলপুৰত ৮৯৫৬ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:26 PM IST

thumbnail

বাক্সা, ১৬ জানুৱাৰী: ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে আজি বাক্সা জিলাৰ মুছলপুৰতো নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ ৮,৯৫৬ গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হয় এই নতুন ৰেচন কাৰ্ড । এই উপলক্ষে বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত হয় এখন সভা । উক্ত সভাত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই গৰীৱৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে দুৰ্বল শ্ৰেণীৰ ৰাইজক যথেষ্ট পৰিমাণে সকাহ দিব বুলি কয় । বাক্সাৰ জিলা আয়ুক্ত কৃষ্ণা বৰুৱাই আদৰণি ভাষণ দিয়া আজিৰ সভাত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপৰি বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো,কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, পাৰিষদ মণ্টু বড়োকে আদি কৰি কেবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:খাদ্য সুৰক্ষা আঁচনিত বৰপেটাত ৪২ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.