শ্বহীদ মুকুন্দ কাকতি চিভিল হাস্পতালৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 3:06 PM IST

thumbnail

নলবাৰী,১৪ ডিচেম্বৰ: নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি জিলা অসামৰিক চিকিৎসালয়ক পূৰ্বৰ মৰ্যাদা ওভতাই দিয়াৰ দাবীৰে বৃহস্পতিবাৰে পুনৰ উত্তাল হৈ পৰিল নলবাৰীৰ ৰাজপথ । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ আহ্বানত সহাস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে নলবাৰী চহৰ । ২৩৫ খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক পূৰ্বৰ দৰে অক্ষুন্ন ৰখাৰ দাবীৰে প্ৰতিবাদী সমদল আগবঢ়াত আৰক্ষী চি আৰ পি এফে বাধা প্ৰদান কৰা পৰিলক্ষিত হয় ।  

পৰৱৰ্তী সময়ত শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে । যাৰ পূৰ্বে এনে এক উত্তপ্ত পৰিৱেশ বিৰাজ কৰে চহৰখনত । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজ হস্পিতালৰে সংলগ্ন কৰাত মৃত্যুৰ মুখে গতি কৰিছিল চিভিল হস্পিতালখন । ইয়াৰ পিছতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ১১০ খন বিচনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হস্পিতাল নামেৰে শুভাৰম্ভ কৰিছিল । উক্ত হস্পিতালখনত আজিকোপতি কোনো ৰোগীয়ে চিকিৎসা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ সৰৱ হয় প্ৰতিবাদকাৰীসকল ।

লগতে পঢ়ক: সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.