Money laundering incident in Majuli: মাজুলীত বেনামী সংগঠনৰ নামত ধন সংগ্ৰহৰ চেষ্টা

By

Published : Apr 4, 2023, 11:06 PM IST

thumbnail

মাজুলী,৪ এপ্ৰিল: সত্ৰনগৰী মাজুলীত সংঘটিত হৈছে বেনামী সংগঠনৰ নামত ধনদাবীৰ ঘটনা । মাজুলীৰ ফুলনি চাৰিআলিৰ এগৰাকী ব্যক্তিৰ ঘৰত কিছু দিনৰ পূৰ্বে পত্ৰযোগে ধনদাবী কৰিছিল বেনামী সংগঠনে । দুখন পত্ৰ যোগেদি ভীতিগ্ৰস্ত কৰিছিল পৰিয়ালটোক । ডকাইতে ধন দাবী কৰা পত্ৰ প্ৰেৰণ কৰিছিল পৰিয়ালটোলৈ । পৰিয়ালটোৱে এই পত্ৰ লাভ কৰি যথেষ্ট ভীতিগ্ৰস্ত হৈ এই সম্পৰ্কে আৰক্ষীক অৱগত কৰিছিল (In the trap of the police who demanded money in Majuli) ।  

সেই অভিযোগৰ ভিত্তিতে দাবী কৰা ধন নিবলৈ অহা মধু বৰা নামৰ যোৰহাটৰ এজন যুৱকক ফুলনী আৰক্ষীয়ে মঙলবাৰে আটক কৰিবলৈ সক্ষম হয় । মঙলবাৰে পুৱতি নিশা প্ৰায় চাৰি মান বজাত দাবী কৰা ধন নিবলৈ আহোতেই আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি আটক কৰে দুৰ্বৃত্তটোক । দাবী কৰা পৰিয়ালটোৰ ঘৰৰ কাষতে ধন দাবী পত্ৰত উল্লেখ কৰা ধৰণে বেগতো থৈ দিওঁতে, থৈ দিয়া বেগটো লৈ যাওঁতেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়া লগে লগে আটক হয় যুৱকজন (Money laundering incident in Majuli) ।

বৰ্তমান অধিক তথ্যৰ বাবে ফুলনী আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে এই যুৱক জনক (One arrested for extorting money) । জানিব পৰা মতে এতিয়ালৈকে মুখ খোলা নাই ধৃত যুৱকজনে । দাবী কৰাৰ ধন নিদিলে পৰিয়াল লোকক প্ৰাণে মৰাৰ ভাবুকি দিছিল পত্ৰযোগে । 

লগতে পঢ়ক: RPF beats youth: চাপৰমুখখ ৰেল আৰক্ষীৰ বিৰুদ্ধে বিনা কাৰণত যুৱকক প্ৰহাৰৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.