অসম মালা পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবী

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:41 PM IST

thumbnail

তিনিচুকীয়া, ১৩ ডিচেম্বৰ: আজি অসম মালা পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবীত কাকপথাৰ ডিৰাকত ৰাইজ, দল-সংগঠনে এখনি সংবাদমেল সম্বোধন কৰে ৷ পথ নিৰ্মাণৰ কাম চলি আছে যদিও কেইবাশতাধিক পৰিয়ালে আজি পৰ্যন্ত ক্ষতিপূৰণ নোপোৱাত এই সংবাদমেলখনি সম্বোধন কৰে ৷ 

ডিৰাক সোণজানৰ পৰা ৰহবাৰী-চিকৰাজানলৈকে প্ৰায় ২৮ কিঃমিঃ দৈঘ্যৰ পথচোৱা নিৰ্মাণৰ বাবে অসম চৰকাৰে ধাৰ্য কৰিছিল ২৬,৯২৯ কোটি টকা ৷ গতিকে সংবাদমেলৰ জৰিয়তে আগন্তুক ৭ দিনৰ ভিতৰত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক ধন মোকলাই নিদিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ৷ লগতে পথচোৱা নিৰ্মাণৰ ঠাইডোখৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা কৰ্তন কৰি ডিগবৈ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ বাবেই ধন লাভ কৰা নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰে সংবাদমেলত ৷ 

উক্ত সংবাদমেলত উপস্থিত হৈ চৰকাৰৰ‌ বিৰুদ্ধে ক্ষোভ উজাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণৰ লগতে ছাত্ৰ মুক্তি, টাই আহোম, মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি বহুকেইটা দল সংগঠনৰ নেতৃত্বই ৷

লগতে পঢ়ক:কোম্পানীৰ দৰে চলিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ : প্ৰদেশ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.