Deadbody recovered in Lakhimpur: সোৱণশিৰিত নিখোজ হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ

By

Published : Mar 12, 2023, 5:15 PM IST

thumbnail

লখিমপুৰ,১২ মাৰ্চ: লখিমপুৰত মৃতদেহ উদ্ধাৰ(Deadbody recovered in Lakhimpur) । মৃতদেহটো সোৱণশিৰি নদীত গা ধুবলৈ গৈ নিখোঁজ হৈ থকা পানীগাঁৱৰ যুৱক মানস প্ৰতিম শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে । হোলীৰ দিনা লগৰ সমনীয়াৰ সৈতে ভোজ খাবলৈ গৈ সোৱণশিৰি নদীত গা ধুবলৈ নামিছিল মানস । কিন্তু নদীত নমাৰ পাছতে সন্ধানহীন হৈ পৰিছিল মানস(Youth went missing in Suwansiri river) । ঘটনাৰ পাচৰে পৰা SDRF বাহিনীয়ে কেইবাদিনো ধৰি নদীত উদ্ধাৰ অভিযান চলাইছিল যদিও উদ্ধাৰ হোৱা নাছিল মৃতদেহটো(Deadbody of youth recovered missing in Suwansiri river) ৷ 

ফলত চৰম হতাশাত ভুগিছিল পৰিয়ালটোৱে । অৱশেষত দেওবাৰে পুৱাৰ ভাগত মানসৰ মৃতদেহ উদ্ধাৰ হয় । স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মানস প্ৰতিম শইকীয়াৰ মৃতদেহটো । আজি পুৱা নাৱৰীয়াই নদীত ওপঙি থকা অৱস্থাত দেখা পায় মৃতদেহতো । হোলীৰ দিনা মানসে গা-ধোৱা স্থানৰ পৰা মাত্ৰ এশ মিটাৰ নামনিৰ দিশত উদ্ধাৰ কৰা হয় মৃতদেহতো । পাচত স্থানীয় ৰাইজৰ সহযোগত পানীগাঁও আৰক্ষী থানাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: G 20 delegates meet : ১৩ ৰ পৰা ১৫ মাৰ্চলৈ গুৱাহাটীত হ’ব জি ২০ৰ এছ এ আই ২০ প্ৰতিনিধি বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.