ETV Bharat / state

G 20 delegates meet : ১৩ ৰ পৰা ১৫ মাৰ্চলৈ গুৱাহাটীত হ’ব জি ২০ৰ এছ এ আই ২০ প্ৰতিনিধি বৈঠক

author img

By

Published : Mar 12, 2023, 2:12 PM IST

এছ এ আই-২০ এংগেজমেন্ট গ্ৰুপে দুটা অগ্ৰাধিকাৰ ক্ষেত্ৰ 'নীল অৰ্থনীতি' আৰু 'দায়ৱদ্ধ কৃত্ৰিম বুদ্ধিমত্তা' সন্দৰ্ভত আলোচনা কৰিব । বৈঠকত জি-২০ৰ সদস্য এছ এ আই আৰু অতিথি এছ এ আইকে প্ৰমুখ্য কৰি অংশগ্ৰহণকাৰী এছ এ আইসমূহৰ অভিজ্ঞতাৰ আদান-প্ৰদান হ’ব (G 20 delegates meet at Guwahati) ।

G 20 delegates meet at Guwahati
গুৱাহাটীত জি ২০ৰ এছ এ আই ২০ প্ৰতিনিধি বৈঠক

গুৱাহাটী, ১২ মাৰ্চঃ দেশজুৰি চলি থকা জি ২০ সন্মিলনৰ ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ গুৱাহাটীত এছ এ আই ২০ (SAI20) প্ৰতিনিধি বৈঠক অনুষ্ঠিত হ’ব । ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ অধীনত কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল (C&AG) অৱ ইণ্ডিয়া হৈছে এছ এ আই-২০ (সৰ্বোচ্চ অডিট প্ৰতিষ্ঠান-২০) এংগেজমেন্ট গ্ৰুপৰ অধ্যক্ষ । জি-২০ ৰ সদস্য দেশ, অতিথি দেশ আৰু আন-আন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিসকলে এই এছ এ আই-২০ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব (G 20 delegates meet at Guwahati)।

অষ্ট্ৰেলিয়া, ব্ৰাজিল, ইজিপ্ত, ইণ্ডোনেছিয়া, ওমান, কোৰিয়া গণৰাজ্য, ৰাছিয়া, চৌদি আৰৱ, তুৰস্ক আৰু ইউ এ ইৰ এছ এ আইসমূহে ইয়াত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পৰা গৈছে । ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ পথ প্ৰদৰ্শক নীতি বসুধৈৱ কুটুম্বকম অৰ্থাৎ “এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যৎ”ৰ অধীনত ভাৰতৰ চি এণ্ড এ জিয়ে দুটা অগ্ৰাধিকাৰ ক্ষেত্ৰ 'নীল অৰ্থনীতি' আৰু 'দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা'ত এছ এ আই-২০ এংগেজমেন্ট গ্ৰুপৰ সহযোগিতাৰ প্ৰস্তাৱ জনাইছে । নীল অৰ্থনীতি হৈছে আমাৰ পৰিৱেশ তন্ত্ৰক সংৰক্ষণেৰে অৰ্থনৈতিক বিকাশ, উন্নত জীৱিকা আৰু নিয়োগৰ বাবে মহাসাগৰীয় সম্পদৰাজিৰ বহনক্ষম ব্যৱহাৰ ।

দায়বদ্ধ এ আই হৈছে এটা শাসন কাঠামো । ইয়াৰ লক্ষ্য হৈছে কোনবোৰ তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰিব পাৰি, এ আই আৰ্হিসমূহক কেনেকৈ মূল্যায়ন কৰিব লাগে আৰু আৰ্হিসমূহক কেনেকৈ সৰ্বোত্তমভাৱে মোতায়েন আৰু নিৰীক্ষণ কৰিব লাগে, তাৰ ৰূপৰেখা অংকন কৰা । কাঠামোটোৱে এ আইৰ যিকোনো নেতিবাচক ফলাফলৰ বাবে কোন জবাবদিহি সেয়াও নিৰ্ধাৰণ কৰিব পাৰে । ইয়াৰ সৈতে সংগতি ৰাখি গুৱাহাটীত এছ অ’ এমৰ বৈঠকত এছ এ আই ইণ্ডিয়াই ক্ৰমে সুনীল অৰ্থনীতি আৰু দায়বদ্ধ এ আই সন্দৰ্ভত ধাৰণা কৰা বিষয়বস্তু উপস্থাপন কৰিব ।

লগতে পঢ়ক: BJP targets South India : বিজেপিৰ লক্ষ্য দাক্ষিণাত্য; একেদিনাই দুখন ৰাজ্যলৈ শীৰ্ষ নেতৃত্বৰ ভ্ৰমণ

জি-২০ৰ সদস্য এছ এ আই আৰু অতিথি এছ এ আইকে প্ৰমুখ্য কৰি অংশগ্ৰহণকাৰী এছ এ আইসমূহৰ অভিজ্ঞতাৰ আদান-প্ৰদান হ’ব এই বৈঠকত । উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটীত অনুষ্ঠিত হ’ব এই বৈঠক । গুৱাহাটী মহানগৰী হ’ল এক প্ৰধান সাংস্কৃতিক, ৰাজনৈতিক, শৈক্ষিক আৰু বাণিজ্যিক কেন্দ্ৰ । চহকী সংস্কৃতি আৰু পৰম্পৰা, উৎসৱ, খাদ্য-সম্ভাৰ, জনসাধাৰণ আৰু বিশ্বজনীন পৰিৱেশৰ বাবে জনাজাত এই মহানগৰী (G20 Summit 2023 at Guwahati)। উল্লেখ্য যে, ইতিমধ্যে গুৱাহাটীত জি-২০ৰ ৱাই-২০ বৈঠক অনুষ্ঠিত হৈ গৈছে (G20 summit in Assam)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.