ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত গুৱাহাটীবাসী, বিশাল স্ক্ৰীণত চকু থৰ ক্ৰীড়াপ্ৰেমীৰ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 5:02 PM IST

Updated : Nov 19, 2023, 7:17 PM IST

thumbnail

গুৱাহাটী, ১৯ নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰবাসীও বিশ্বকাপৰ জ্বৰত আক্ৰান্ত ৷ আৰম্ভ হ’ল ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত মেচ ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তত চূড়ান্ত খেলখন চোৱাৰ বাবে বিগ ক্ৰীনৰ ব্যৱস্থা কৰা হ’ল গুৱাহাটীত । মহানগৰীৰ শিল্পগ্ৰাম, নুনমাটি, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰীৰ বিভিন্ন স্থানত বিগ ক্ৰীনত চোৱাৰ ব্যৱস্থা কৰা হয় । মেচখনক লৈ উৎফুল্লিত হৈ পৰা দেখা গ’ল ক্ৰিকেট প্ৰেমীসকল ৷ সকলোৰে মুখেমুখে এটাই কথা- ভাৰত জয়ী হ’ব খেলখনত ।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিগ ক্ৰীনত মেচখন উপভোগ কৰিছে । ছাত্ৰ-ছাত্ৰীসকলো আশাবাদী মেচখনক লৈ । ইপিনে ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত মেচখনক লৈ মহানগৰীৰ খেল-সামগ্ৰীৰ দোকানত ভাৰতীয় দলৰ জাৰ্চী বিচাৰি ক্ৰীড়াপ্ৰেমী ভিৰ দেখা যায় । ৫০০-৬০০ টকাকৈ বিক্ৰী হ’ল প্ৰতিটো জাৰ্চী । সকলোৰে মুখত কেৱল ‘ভাৰত জিকিব’ ।

লগতে পঢ়ক : ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেল : অনুৰাগীৰ উন্মাদনা

Last Updated : Nov 19, 2023, 7:17 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.