CPI(M) protest in Rangia:চিপিআই(এম)ৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

By

Published : Aug 3, 2023, 9:21 PM IST

thumbnail

ৰঙিয়া, 3 আগষ্ট : ৰঙিয়াত বৃহস্পতিবাৰে চিপিআই(এম)ৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰঙিয়াৰ পৰিবহণ নিগমৰ কাৰ্যালয়ৰ সমুখত অনুষ্ঠিত হোৱা কাৰ্যসূচীত দলটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

বৰ্তমান ৰাজ্যত চলি থকা 'ছিণ্ডিকেট' সমূহত জড়িত ৰাজনৈতিক নেতাৰ লগতে সকলোৰে শাস্তিৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে । দলটোৰ কৰ্মীসকলে হাতে হাতে বেনাৰ আৰু প্লে’ কাৰ্ড লৈ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে শ্ল’গান দিয়ে । বিশেষকৈ ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নাম ছিণ্ডিকেটত সাঙোৰ খোৱাৰ বিষয়ে উল্লেখ কৰি জিতু দাসৰ লগতে আন আন লোকসকলক বৰ্তমানলৈ কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰে ।

প্ৰতিবাদস্থলীত দলটোৰ বক্তাসকলে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাসক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে বিধায়ক কলিতাকো তদন্তৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : MLA Bharat Chandra Narah PC: বিজেপিৰ ৰাজ্যিক সভাপতিক জেৰাৰ আওতালৈ অনাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.