ETV Bharat / state

MLA Bharat Chandra Narah PC: বিজেপিৰ ৰাজ্যিক সভাপতিক জেৰাৰ আওতালৈ অনাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Aug 2, 2023, 8:26 PM IST

চুপাৰি আৰু শিল-বালিৰ ছিণ্ডিকেটক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক জেৰাৰ আওতালৈ অনাৰ দাবী । চুপাৰি আৰু শিল-বালিৰ ছিণ্ডিকেটত জড়িত লাচিত গগৈ আৰু ভৱেশ কলিতাৰ ব্যক্তিগত সচিব জিতু দাসক জেৰা কৰোতে ডিফু আৰক্ষীয়ে লাভ কৰা সকলো তথ্য ৰাজহুৱা কৰক । মন্ত্রী জয়ন্ত মল্ল বৰুৱাক অপসাৰণ নকৰাক লৈ আশ্চৰ্য প্ৰকাশ।

MLA Bharat Chandra Narah PC
বিজেপিৰ ৰাজ্যিক সভাপতিক জেৰাৰ আওতালৈ অনাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

বিজেপিৰ ৰাজ্যিক সভাপতিক জেৰাৰ আওতালৈ অনাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী,২ আগষ্ট: চুপাৰি আৰু শিল-বালিৰ ছিণ্ডিকেট সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক জেৰা কৰাৰ বাবে দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ তথা বিধায়ক ভৰত চন্দ্ৰ নৰহে । ভৱেশ কলিতা চুপাৰি আৰু শিল-বালিৰ ছিণ্ডিকেটত পৰোক্ষ নাইবা প্ৰত্যক্ষভাৱে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি তেওঁ ভৱেশ কলিতাক জেৰাৰ বাবে চমন জাৰি কৰিবলৈ দাবী জনায় ।

আনহাতে তেওঁ চুপাৰি আৰু শিল-বালিৰ ছিণ্ডিকেটত জড়িত লাচিত গগৈ আৰু ভৱেশ কলিতাৰ ব্যক্তিগত সচিব জিতু দাসক জেৰা কৰোতে ডিফু আৰক্ষীয়ে লাভ কৰা সকলো তথ্য ৰাজহুৱা কৰিবৰ বাবেও অসম চৰকাৰৰ ওচৰত দাবী জনায় । সংবাদমেলত মঙলদৈৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে মুকলিকৈ অস্ত্রৰ প্ৰশিক্ষণ দিয়া আৰু শোভাযাত্রাত অস্ত্র লৈ যোৱা ঘটনা সন্দৰ্ভত বজৰং দলৰ মূল বিষয়ববীয়াসকলক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

তেওঁ বজৰং দলৰ বিষয়ববীয়া সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । লগতে দৰং জিলাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক জেৰা কৰাৰ পোষকতা কৰে বিধায়ক নৰহে । কি ভিত্তিত জিলাখনৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে বজৰং দলক প্ৰশিক্ষণৰ অনুমতি দিছিল । সেইদৰে শোভাযাত্রাত কেনেদৰে অস্ত্র নিবলৈ পালে তাৰ তদন্ত হ'ব লাগে আৰু ইয়াৰ বাবে আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক জেৰা কৰিব লাগে বুলি তেওঁ কয় ।

আনহাতে মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে মঙলদৈৰ ঘটনাৰ পক্ষত যুক্তি প্ৰদৰ্শন কৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আইন-শৃংখলাৰ যদি অৱনতি ঘটা নাই তেন্তে জয়ন্ত মল্ল বৰুৱা আৰু শিলাদিত্য দেৱে কিয় এনেধৰণৰ বক্তব্য আগবঢ়াইছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এইক্ষেত্রত মুখ্যমন্ত্রীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । তেওঁ লগতে কয় যে মন্ত্রী জয়ন্ত মল্ল বৰুৱাক তেওঁৰ বক্তব্যৰ বাবে এতিয়ালৈকে অপসাৰণ নকৰাটো আচৰিত কথা ।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাই কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ কথা কয় । কিন্তু ৰাজ্যসভাত অসমৰ দাৰিদ্ৰতাৰ ছবিখন স্পষ্ট হৈ পৰিছে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাজ্য হিচাপে অসম দেশৰ ২৮ নম্বৰ স্থানত আছে । সেইদৰে বলাৎকাৰৰ ঘটনাৰ ক্ষেত্রতো উত্তৰপ্ৰদেশৰ পাছতে দ্বিতীয় স্থানত আছে অসম । আনহাতে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ ক্ষেত্রত অসম দেশৰ ভিতৰতে প্ৰথম স্থানত আছে । তেনেস্থলত মুখ্যমন্ত্রীয়ে কি যুক্তিত অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ কথা কয় বুলি তেওঁ কটাক্ষ কৰে ।

উল্লেখ্য যে আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহৰ অধ্যক্ষতাত প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্ৰসকলৰ এক বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক: Lachit Gogoi and Milan Buragohain viral phone call:বিজেপি নেতা আৰু আটাছুৰ বহিষ্কৃত সভাপতিৰ অডিঅ’ বাৰ্তাৰ নতুন মোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.