Contractor Nirmal Mude arrested: আৰক্ষীৰ জালত বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ে

By

Published : May 2, 2023, 12:08 AM IST

thumbnail

মৰাণ, 1 মে’: অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়ে ৷ জানিব পৰা মতে পলাতক অৱস্থাত থকা নিৰ্মল মূড়েক জাঁজী পৰা গ্ৰেপ্তাৰ কৰা হৈছে (Contractor Nirmal Mude arrested) ৷ উল্লেখ্য যে, AJYCP নেতা লক্ষী দাস পাণিকাক অন কেমেৰা চৰ সোধোৱাৰ পিচতে চৰাইদেউ জিলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পূৰ্বে আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই শিৱসাগৰৰ পৰা পলায়ন কৰা নিৰ্মল মূড়েক গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে আনি থকা বুলি প্ৰকাশ কৰিছিল (Nirmal Mude arrested by Sivasagar police )। 

বিতৰ্কিত ঠিকাদাৰ নিৰ্মলক গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ পাচত শিৱসাগৰ সদৰ থানাৰ সন্মুখত একাধিক সংগঠনৰ নেতা-কৰ্মী লগ হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্ৰতিটো সংগঠনৰ নেতৃত্বই ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰাৰ লগতে জেললৈ প্ৰেৰণ কৰাটো নিশ্চিত কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰে। AJYCP শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত AJYCP ৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকন, সদৌ টাই আহোম ছাত্র সন্থাৰ উপ সভাপতি বসন্ত গগৈৰ লগতে বহুতো গণ্য মান্য ব্যক্তিয়ে বক্তব্য ৰাখে। 

লগতে পঢ়ক: Jal Jivan Mission scam: বিসংগিত দেখুওৱাৰ বাবে AJYCPৰ নেতাক চৰ সোধালে ঠিকাদাৰে

ইফালে প্ৰতিবাদকাৰীসকলে কয় যে যদি শিৱসাগৰ প্ৰশাসনৰ লগতে জিলা আৰক্ষীয়ে নিৰ্মল মূড়েক কাৰাগাৰলৈ প্ৰেৰণ নকৰে তেনেহ’লে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব পাৰে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.