Public protest at Lahowal :লাহোৱালৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ দল সংগঠনৰ

By

Published : Jun 21, 2023, 9:00 PM IST

thumbnail

ডিব্ৰুগড়,21 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা প্ৰকাশৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে । নিৰ্বাচন আয়োগে ঘোষণা কৰা প্ৰথমখন সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা প্ৰস্তুত কৰা পিছতেই ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিৰ বিলুপ্তি ঘটাৰ দিশত । বিধানসভা সমষ্টিসমূহ বিলুপ্ত হ'লেও আন কিছু সমষ্টি নতুনকৈ গঠন হোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে বহুকেইজন বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। 

ৰাজ্যৰ বহু কেইটা সমষ্টিৰ দৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তি হোৱাৰ কথা প্ৰকাশ হোৱাৰ পাচতেই লাহোৱাল সমষ্টিত ৰাইজৰ মাজত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া । বুধবাৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ তীব্ৰ প্ৰতিবাদ । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰা প্ৰথমখন খচৰা ঘোষণা কৰাৰ পাচতেই লাহোৱালত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সমষ্টিবাসীৰ । এক লাখ ত্ৰিশ হাজাৰ ভোটাৰ থকা সমষ্টিটো বিলুপ্তিকৰণ মানি লোৱা নহ'ব বুলি হুংকাৰ দিছে লাহোৱালৰ দল-সংগঠনে।
লগতে পঢ়ক:Protest in Sivasagar: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ বাতিল কৰিবলৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.