Congress Protest:অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jul 10, 2023, 8:03 PM IST

thumbnail

তিনিচুকীয়া,১০ জুলাই:সোমবাৰে অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ আৰু জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা হয় ধৰ্ণা কাৰ্য্যসূচী ৷ আদিবাসীসকলৰ সন্দৰ্ভত ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে কৰা বিৰূপ মন্তব্য, তিনিচুকীয়াৰ কাতনি গাঁৱৰ ছাত্ৰী ধৰ্ষণকাৰী বিজেপি নেতাক গ্ৰেপ্তাৰ, মধ্যপ্ৰদেশত আদিবাসী ব্যক্তি এগৰাকীৰ মুখত প্ৰস্ৰাৱ কৰাৰ ঘটনাৰ অভিযুক্ত বিজেপি নেতাক শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছে ৷

প্ৰতিবাদত ভাগ লয় চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কয় ‘‘ বিৰোধীৰ নেতা হোৱা হ’লে দিল্লী,মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰিলেহেঁতেন ৷ কিন্তু বিজেপি নেতা বাবে অসম আৰক্ষীয়ে একো কৰিব পৰা নাই ৷’’

লগতে পঢ়ক:Tinsukia lottery scam: বিতৰ্কিত লটাৰী কাণ্ডত জড়িত আটাছুৰ সভাপতিৰ অগ্ৰীম জামিন আবেদন নাকচ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.