Congress Protest in Tinsukia: তিনিচুকীয়াত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jul 29, 2023, 2:11 PM IST

thumbnail

তিনিচুকীয়া, ২৯ জুলাই : শনিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ নিত্য ব্যৱহৃত খাদ্য সামগ্ৰীৰ উপৰিও বিশেষকৈ ঔষধ, ৰন্ধন গেছ, পে’ট্ৰল, ডিজেলকে ধৰি শিশু খাদ্যৰ মূল্যবৃদ্ধি আৰু জিএছটি আৰোপ কৰাৰ বিৰুদ্ধে থানা চাৰিআলিস্থিত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিস্থলীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷  

তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰণৱ বৰুৱা, চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ মৌচম বৰুৱাৰ লগতে শতাধিক কংগ্ৰেছকৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : Protest against Bhupen Borah in Nagaon : নগাঁৱত ভূপেন বৰাৰ পুত্তলিকা দাহ; বিজেপি সংখ্যালঘু মৰ্চাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.