Rahul Gandhi Disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত জোনাইত কংগ্ৰেছৰ সংবাদমেল

By

Published : Apr 1, 2023, 10:46 AM IST

thumbnail

জোনাই, 1 এপ্ৰিল: কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে এই সন্দৰ্ভত জোনাইত মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিয়ে আয়োজন কৰে এক সংবাদমেলৰ (Rahul Gandhi Disqualification) ৷  

মূৰ্কংচেলেক ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু ধেমাজি জিলা কংগ্ৰেছ কমিটি তথা মূৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ আৰু মূৰ্কংচেলেক ব্লক মহিলা কংগ্ৰেছৰ সহযোগত আয়োজন কৰা হয় এই সংবাদমেলৰ (Murkong selek Block Congress Press Meet) ৷ সংবাদমেলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ আৰু বিৰোধী ৰাজনৈতিক নেতাৰ বাক স্বাধীনতা খৰ্ব কৰাৰ বিৰুদ্ধে অভিযোগ তুলি শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে কংগ্ৰেছ নেতা-কৰ্মীসকল (Congress Hold press Meet in Jonai)৷  

শাসনাধিষ্ঠ বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰা বুলিও সংবাদমেলত অভিযোগ কৰে কংগ্ৰেছ নেতা-কৰ্মী সকলে ৷ (Congress Press Meet in Jonai)

জোনাইৰ গান্ধীৰোডস্থিত মূৰ্কংচেলেক ব্লক কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত উপস্থিত থাকে মূৰ্কংচেলেক ব্লক কংগ্ৰেছৰ সভাপতি কলিন দলে, কংগ্ৰেছ নেতা বিজু পেগু, নিৰন পেগু, ৰাকেশ পেগু, মনি পেগু, ৰাজীৱ পেগু, হিতেশ পেগুৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ উপ সভানেত্ৰী বালিকা পেগু, সাধাৰণ সম্পাদিকা দিপালী শইকীয়া, ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ উপ-সভাপতি ক্ৰমে হেমকান্ত চাৰহ, বিজয় পেগু, সাধাৰণ সম্পাদক সঞ্জয় পেগু, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সদস্যা প্ৰভাৱতী পেগু (Murkong selek Congress on Rahul Gandhi Issue) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.