Minister Atul Bora: দলতে এলাগি হ’ল নেকি অগপৰ জ্যেষ্ঠ নেতা ! কি ক’লে অতুল বৰাই ?

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 5:27 PM IST

thumbnail

গুৱাহাটী, 1 অক্টোবৰ: জ্যেষ্ঠ অগপ নেতাই দল ত্যাগৰ সন্দৰ্ভত চলি থকা চৰ্চাৰ বিষয়টোক লৈ মুখ খুলিলে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷  বিশেষকৈ কিছুদিন ধৰি কংগ্ৰেছৰ নেতাই দাবী কৰি আহিছে যে অগপৰ বহু কেইগৰাকী নেতাই অতি শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব।

কংগ্ৰেছ নেতাৰ এই দাবীৰ বিপৰীতে মন্ত্ৰী অতুল বৰাই কয়, ‘‘অগপৰ পৰা কোনো নেতা কংগ্ৰেছলৈ নায়ায় । দলৰ পৰা কোনোৱাই গ'লে যাব পাৰে ৷ দলৰ পৰা বহু মানুহ গ’ল ৷ নতুনকৈ আহিছে ৷ গতিকে নতুন তেজৰ উদ্যমী যুৱক-যুৱতীক সুবিধা দিয়াৰ লক্ষ্য আমাৰ  ৷’’

‘‘দলটোৰ জেষ্ঠ নেতা কমলা কলিতা, দীপক দাস, উৎপল দত্তৰ সৈতে কথা পাতিছো । আন দলত যোগদানৰ কথা তেওঁলোকে অস্বীকাৰ কৰিছে । সত্যব্ৰত কলিতাও নাযায় বুলি আমাৰ বিশ্বাস আছে । তাৰ পিচতো যদি কোনো নেতাই দল সলনি কৰিব বিচাৰিছে তেওঁলোকে যাব পাৰে‌,’’ এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

আনহাতে অজাপাৰ ‘এক অসম যাত্ৰা’ সন্দৰ্ভত মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, অজাপৰ ‘এক অসম যাত্রা’ই প্ৰভাৱ নেপেলায় অসম গণ পৰিষদ দলত । অজাপ দল জন্ম হৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ঔৰসত । কংগ্ৰেছ আৰু এ আই ইউ ডি এফে হৈছে অজাপৰ মাক-বাপেক ।

লগতে পঢ়ক:Ban packaged drinking water bottles: 2 অক্টোবৰৰ পৰা ৰাজ্যত নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.