ওদালগুৰিত উলহ-মালহেৰে বৰদিনৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 9:48 AM IST

thumbnail

ওদালগুৰি, ২১ ডিচেম্বৰ: খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিনলৈ মাজত মাথো কেইটামান দিন । বিশ্বৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি । ব্যতিক্ৰম নহয় ওদালগুৰিৰ বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলো । আটকধুনীয়াকৈ সজাইছে গীৰ্জাঘৰসমূহ । কেৰ’লৰ আখৰাত ব্যস্ত একাংশ । ইফালে ৰং-বিৰঙি আলোকসজ্জা, চান্তা ক্ল'জ, ইলেক্ট্ৰনিক ষ্টাৰ, বৰদিনত ব্যৱহৃত আকৰ্ষণীয় সামগ্ৰীৰে ভৰি পৰিছে ওদালগুৰি চহৰৰ বিপনী ।  

সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকে ভিৰ কৰিছে প্ৰতিখন বিপনীত । বিগত বছৰৰ তুলনাত এইবছৰ গ্ৰাহকৰো সঁহাৰি যথেষ্ট বুলি উল্লেখ কৰিছে বিক্ৰেতাসকলে । সেয়েহে সকলো বিশ্ববাসীৰ লগতে ওদালগুৰিৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেও আগতীয়াকৈ দিলে পবিত্ৰ বৰদিনৰ শুভেচ্ছা । যীশুৰ পবিত্ৰ বাণীয়ে যাতে সুখৰ কৰে সকলোৰে জীৱন । এই সন্দৰ্ভত চাওক ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ এক প্ৰতিবেদন ।  

লগতে পঢ়ক: সন্মুখত নিৰ্বাচন, বিজেপিৰ টিকট নাপাই দলত্যাগ নেতাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.