Cheating in Love : আমগুৰিৰ যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী ভণ্ড প্ৰেমিক

By

Published : Aug 7, 2022, 1:17 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

আৰক্ষীৰ জালত তেজপুৰৰ ভণ্ড প্ৰেমিক । প্ৰেমৰ জালত পেলাই যুৱতীক এৰি পলায়ন কৰা প্ৰেমিকক তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে (Cheating case in Amguri)। সংবাদমাধ্যমৰ সন্মুখত ন্যায় বিচাৰিছে ভুক্তভোগী যুৱতীয়ে । উল্লেখ্য যে আমগুৰিৰ নামতিৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল তেজপুৰৰ হিৰকজ্যোতি দাস বৈশ্যৰ । যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে হিৰকে বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীক পলুৱাই নি গুৱাহাটীৰ ভাড়াঘৰত ৰাখিছিল (Tezpur youth makes false promise to get married)। পাছত যুৱতীগৰাকী গৰ্ভৱতী হয় । কিন্তু বিয়াৰ কথা উলিয়ালেই বিভিন্ন ধৰণৰ অজুহাত দিয়ে প্ৰেমিক হিৰকে । আনকি গৰ্ভৱতী যুৱতীগৰাকীক বিভিন্ন ধৰণে নিৰ্যাতন চলোৱাৰো অভিযোগ কৰিছে । অৱশেষত ৮ মাহৰ গৰ্ভৱতী যুৱতীগৰাকী মাকৰ ঘৰলৈ ঘূৰি আহে আৰু আৰক্ষী থানাত হিৰকজ্যোতিৰ বিৰুদ্ধে এক প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰে । নামতি থানাত ৰুজু হোৱা গোচৰ অনুসৰি হিৰকজ্যোতিক ইতিমধ্যে আৰক্ষীয়ে তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.