CBI Team at Kaliabor:জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত উপস্থিত CBI ৰ দল

By

Published : Jul 24, 2023, 4:36 PM IST

thumbnail

কলিয়াবৰ, 24 জুলাই : ১৫ মে’ৰ মাজনিশা কলিয়াবৰৰ যি স্থানত এছ আই জোনমণি ৰাভাই দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল সেই স্থানত উপস্থিত হৈ CBI ৰ দলে কাষতে থকা কেবাটাও বাসগৃহৰ লোকক সোধা-পোচা কৰে ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ দুটা মাহ অতিক্ৰম কৰাৰ পিচতো ভেদ হোৱা নাই মৃত্যুৰ ৰহস্য । বিগত ১৫ মে’ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই ।

১৫ মে’ ৰ মাজনিশা কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত এখন ট্ৰেইলৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱা অৱস্থাত গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছিল জোনমণি ৰাভাৰ মৃতদেহ । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচৰে পৰা এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি আহিছে পৰিয়ালৰ লোককে ধৰি বিভিন্ন দল-সংগঠনে । ঘটনাৰ চিবিআইৰ তদন্ত দাবী কৰিছিল সকলোৱে ।

অৱশেষত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হৈছিল ।

লগতে পঢ়ক : SI Junmoni Rabha death: চলিয়েই আছে জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.