ETV Bharat / state

SI Junmoni Rabha death: চলিয়েই আছে জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত

author img

By

Published : Jul 20, 2023, 4:05 PM IST

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্তই এমাহ অতিক্ৰম কৰাৰ পিচতো সম্পূৰ্ণ হোৱা নাই তদন্ত প্ৰক্ৰিয়া । নগাঁৱত চি বি আয়ে আজিও অব্যাহত ৰাখিছে তদন্ত । চি বি আইৰ তদন্তৰ প্ৰতিবেদনলৈ অপেক্ষা সমগ্ৰ ৰাজ্যৰ । নগাঁৱত এগৰাকী সাংবাদিককো জেৰা চি বি আইৰ দলৰ । মৰিকলং আৰক্ষী চকীত উপস্থিত হৈ নথি পত্ৰ পৰীক্ষা চি বি আইৰ ।

two months of SI junmoni rabha mysterious death
পূৰ্ণগতিত তদন্ত প্ৰক্ৰিয়া অব্যাহত
পূৰ্ণগতিত তদন্ত প্ৰক্ৰিয়া অব্যাহত

নগাঁও, 20 জুলাই : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ দুটা মাহ অতিক্ৰম কৰাৰ পিচতো ভেদ হোৱা নাই মৃত্যুৰ ৰহস্য । বিগত ১৫ মে’ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই । ১৫ মে’ ৰ মাজনিশা কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত এখন ট্ৰেইলৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱা অৱস্থাত গাড়ীৰ ভিতৰৰ পৰাই উদ্ধাৰ হৈছিল জোনমণি ৰাভাৰ মৃতদেহ ।

জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিচতেই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছিল অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে ৷ তদন্ত আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ পৰিয়ালৰ দাবীক সঁহাৰি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল চি বি আই তদন্তৰ । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জোনমণি ৰাভাৰ মৃত্যুৰ লগতে মৃত্যুৰ সৈতে সাঙোৰ খোৱা চাৰিটাকৈ গোচৰৰ তদন্তৰ দায়িত্ব অপৰ্ণ কৰে চি বি আইক ।

সেই মৰ্মে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত এটা দল অসমত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ এটা মাহ অতিক্ৰম কৰিলে যদিও আজিও সম্পূৰ্ণ হোৱা নাই তদন্ত প্ৰক্ৰিয়া । অৱশ্যে চি বি আইৰ দলটোৱে পূৰ্ণগতিত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে । ইতিমধ্যেই নগাঁৱৰ এজন সাংবাদিককো চি বি আইৰ দলটোৱে জেৰা চলোৱা বুলি জানিব পৰা গৈছে । নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলে বাহিনীৰ অতি ঘনিষ্ঠ আছিল চি বি আইৰ জেৰাৰ সন্মুখীন হোৱা সাংবাদিকগৰাকীৰ ।

বুধবাৰে বিয়লিও চি বি আইৰ এটা দল মৃত্যুৰ পূৰ্বলৈকে জোনমণি ৰাভা ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা মৰিকলং আৰক্ষী চকীত উপস্থিত হৈ বহু নথি-পত্ৰ পৰীক্ষা কৰা বুলিও এক বিশেষ সূত্ৰত প্ৰকাশ । চি বি আইয়ে তদন্ত চলোৱাৰ সময়ত আৰক্ষী চকীত কোনো লোককে প্ৰৱেশ কৰিব দিয়া নাই চি বি আইৰ দলটোৱে । আনকি বৃহস্পতিবাৰেও নগাঁৱত থাকি চি বি আইৰ এটা দলে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে । বৃহস্পতিবাৰে এছ আই জোনমণি ৰাভাৰ বেংক একাউন্টৰ তথ্য বিচাৰি দুগৰাকীকৈ বেংক বিষয়াকো চি বি আইৰ দলে সোধা পোচা কৰা বুলিও জানিব পৰা গৈছে ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ লগতে আৰক্ষীৰ বিৰুদ্ধেও উত্থাপন হোৱা কেবাটাও অভিযোগৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা চি বি আইৰ তদন্তত কি তথ্য পোহৰলৈ আহে তাৰ বাবেই এতিয়া অপেক্ষা কৰিছে সকলোৱে । কিন্তু চি বি আইৰ তদন্ত প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হ’ব এতিয়াও নাই তাৰ কোনো নিশ্চয়তা ।

লগতে পঢ়ক : Junmoni Rabha Death case: জোনমণি ৰাভাৰ মৃত্যুৰ CBIয়ে সঠিক তদন্ত কৰিব; মন্ত্ৰী পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.