বিলাসী বাহনত উঠাই চোৰাংকৈ আনিছিল গৰু, আৰক্ষীৰ চকুত পৰিল কাজিৰঙাত

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 10:52 PM IST

thumbnail

কাজিৰঙা, 23 নৱেম্বৰ : আৰক্ষীৰ নাকৰ তলেদিয়েই দীৰ্ঘদিন ধৰি গো-ধন সৰবৰাহ কৰি থকাৰ পাচত সোমবাৰে নিশা তিনি চোৰক ধৰিবলৈ সক্ষম হয় বাগৰি আৰক্ষী ৷ এক গোপন সূত্ৰৰ পম খেদি ৰাজপথত চলোৱা অভিযানত কাজিৰঙাৰ বাগৰি আৰক্ষীয়ে বিলাসী বাহনত তুলি নিয়া তিনিটাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কাজিৰঙাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি আছে গৰু চুৰিৰ ঘটনা৷ এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৰাজ্যৰ তথাকথিত আৰক্ষী বিভাগ ৷

আৰক্ষীক একপ্ৰকাৰ চেলেঞ্জ কৰি শেহতীয়াকৈ গৰু চোৰে চুৰি কৰি নিয়ে বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত এলেকাৰ ১০ টাকৈ গো-ধন৷ কলিয়াবৰ মহকুমাৰ দলগাঁও আৰু কুঠৰীৰ পৰা চোৰে লৈ যায় ১০ টাকৈ গৰু৷ পৰ্যায় এনে পাইছেগৈ যে কাজিৰঙা, কহঁৰা, বাগৰি আদি এলেকাত নিশা হ'লেই গৰু চোৰে চলাই গোহালি ছাফাই অভিযান ৷ গৰু চুৰি হোৱা সংক্ৰান্তত গৃহস্থই স্থানীয় আৰক্ষী থানাত এজাহাৰ দিয়ে যদিও এটাও গৰু চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷

একাংশৰ অভিযোগ মতে, আৰক্ষীৰে গোপন বুজাবুজিতে ৰাজ্যত মুকলিকৈ চলি আছে গৰু সৰবৰাহ তথা গৰু চুৰিৰ ঘটনা৷ ইয়াৰ মাজতে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা কাজিৰঙাৰ ৰাজপথত চলোৱা এক অভিযানত বাগৰি আৰক্ষীয়ে বিলাসী বাহনত তুলি নিয়া তিনিটাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ AS 02AG 2100 নম্বৰৰ এখন বিলাসী বাহনখনৰ পাচফালে ৩ টা গৰু উঠাই অবৈধভাৱে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে । বাগৰি আৰক্ষীয়ে গো-ধন উদ্ধাৰ কৰাৰ লগতে ৩ টা গো-ধন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক : চাৰিচকীয়া বাহনত ওলাল গৰু, পলাতক গৰু চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.