চাৰিচকীয়া বাহনত ওলাল গৰু, পলাতক গৰু চোৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 9:51 PM IST

thumbnail

ৰঙিয়া,২১ নৱেম্বৰ: ৰঙিয়াৰ ২ নং ধুহিত চাৰি চকীয়া বাহনত চুৰি গৰু উদ্ধাৰ । স্থানীয় ৰাইজৰ তৎপৰতাত চোৰৰ চাৰি চকীয়া বাহন জব্দ কৰাৰ লগতে চুৰি কৰি অনা এটা গৰু জব্দ কৰা হয় । মঙলবাৰে পুৱতি নিশা AS-01-DF-7414 নম্বৰৰ K10 বাহনখনৰ ভিতৰত এটা চুৰি গৰু লৈ অনাৰ সময়তে কেইগৰাকীমান মাছ ব্যৱসায়ীয়ে বাহনখনৰ ভিতৰত চুৰি গৰুটো প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলক অৱগত কৰে ।  

লগে লগে চাৰিওফালৰ পৰা স্থানীয় লোকসকলে ঘেৰি ধৰে বাহনসহ গৰু চোৰ কেইটাক । চোৰ কেইটাক ৰাইজে খেদি খেদি কৰায়ত্ব কৰাৰ চেষ্টা চলাই যদিও ঘটনাস্থলীৰ চোৰকেইটাই পলায়ন কৰিবলৈ সক্ষম হয় । পিছত একাংশ উত্তেজিত ৰাইজে K10 বাহনখনৰ পৰা গৰু উদ্ধাৰ কৰি K10 বাহনখনৰ ক্ষতিসাধন কৰে ।  

ঘটনা সন্গৰ্ভত খবৰ পোৱা মাত্ৰকে কঞা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ K10 বাহনখন আৰু চুৰি গৰুটো নিজৰ জিম্মাত লয় । বৰ্তমানলৈকে চুৰি গৰুটোৰ গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই । আৰক্ষীয়ে ইতিমধ্যে গৰু চুৰি কাৰ্যত ব্যৱহৃত K10 বাহনখনৰ গৰাকীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: ৰাইজক প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ, অসম আৰু ত্ৰিপুৰাৰ দুজনক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.