Pijush Hazarika slams congress : 'লোকসভাত অসমত সৰ্বাধিক ১১ খন আসন লাভ কৰিব বিজেপিয়ে'-পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:05 PM IST

thumbnail

তেজপুৰ, ৬ অক্টোবৰ : আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপি দলে ১১ খন আসন লাভ কৰিব । আনহাতে কংগ্ৰেছে মাত্র এখন আসনহে লাভ কৰিব । এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাৰ । তেজপুৰত ভূমি আৱণ্টন সম্পৰ্কীয় এখন চৰকাৰী বৈঠকত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে অসমৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ কয় যে কংগ্ৰেছ শাসনাধিষ্ঠিত ৰাজ্যত পেট্ৰ'ল-ডিজেলৰ মূল্য অসমতকৈ যথেষ্ট পৰিমাণে বেছি ।

কৰ্ণাটকত চৰকাৰৰ উন্নয়নৰ বাবে ধন নাই বুলি উপ-মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । য'ত উন্নয়নৰ বাবে ধন নাই তাত বিনামূলীয়া বিদ্যুৎ যোগান কেনেকৈ ধৰিব বুলিও তেওঁ প্ৰশ্ন কৰে । কংগ্ৰেছে এতিয়া বিদ্যুৎ বিনামূলীয়াকৈ দিম বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দি ব্লেকমেইল কৰিছে বুলি কটাক্ষ কৰে মন্ত্ৰী হাজৰীকাই । তেওঁ কয় যে কৰ্ণাটক মডেল মানে টুপী পিন্ধোৱা মডেল কাৰণ কৰ্ণাটকত যোৱা ৩ দিন ধৰি কাবেৰী জল বিবাদক লৈ অস্থিৰতাই বিৰাজ কৰি আছে । কিন্তু অসমত যোৱা দুই বছৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এদিনো অসম বন্ধ হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে ।

আনহাতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি পীযুষ হাজৰীকাই কয় যে অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বৰ্তমান ১২৬ খন আসনৰ ভিতৰত ১৫/১৭ খনতেই সীমাবদ্ধ থাকিব দলটো ।

লগতে পঢ়ক :Ayushman Bhava Scheme: হোজাইত স্বাস্থ্য মেলাৰ শুভাৰম্ভণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.