Cab driver strike: গুৱাহাটীত 1 ফেব্ৰুৱাৰীৰ পৰা অচল হ’ব অ’লা আৰু উবেৰ; আহিব বিকল্প সেৱা

By

Published : Jan 31, 2023, 7:43 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, 31 জানুৱ‍ৰী: অহা 1 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ব অ’লা আৰু উবেৰ সেৱা (Cab services will be suspended indefinitely) ৷ কেৱ চালক সকলক কোম্পানীয়ে কৰি অহা শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে এই সিদ্ধান্ত লৈছে কেব মজদুৰ সংঘই । এপ সমূহ আনইষ্টল কৰি কাইলৈৰ পৰা অ’লা, উবেৰ, ৰেপিডো সেৱা বৰ্জন কৰিব চালকসকলে (Cab divers protest in Guwahati)।

বুধবাৰৰ পৰা Pay India কেব আৰু An2 কেব এই দুয়ো এপত গুৱাহাটীত উপলব্ধ হ'ব কেব সেৱা (New cab services in Guwahati) । দীৰ্ঘদিন ধৰি অ’লা আৰু উবেৰ প্ৰতিষ্ঠান দুটাৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কেব চালকসকলে ৷ মঙলবাৰে বাহন সমূহত পোষ্টাৰ লগাই চালকসকলে অ’লা, উবেৰ বন্ধক সমৰ্থন জনাইছে । বহুজাতিক প্ৰতিষ্ঠান দুটাই বহু চালকক 5 হাজাৰ টকাকৈ জৰিমনা বিহি এপবোৰ বন্ধ কৰি দিছে । 

মহানগৰীত থকা 18 হাজাৰ কেব চালকে একেলগে কাইলৈৰ পৰা অ’লা আৰু উবেৰ বৰ্জন কৰিব । 2015 চনত আৰম্ভ হোৱা অ’লা আৰু উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই প্ৰথম বছৰটোত প্ৰতি গৰাকী কেব চালকক শ্ৰমৰ উচিত মূল্য আৰু অধিক পৰিশ্ৰমৰ বাবে বিশেষ ভাট্টা প্ৰদান কৰিছিল । কিন্তু লক্ষ্যনীভাৱে এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাচৰে পৰা এই এগ্ৰিকেটৰসমূহে প্ৰতিটো যাতায়তৰ বিপৰীতে 30 পৰা 40 শতাংশলৈকে কমিচন লব’লৈ আৰম্ভ কৰিলে । সমান্তৰালভাৱে অত্যাধিক পৰিশ্ৰম কৰাৰ ফলত সেই বিশেষ ভাট্টাও বন্ধ কৰি দিয়াৰ কথা এগৰাকী চালকে উল্লেখ কৰে (Cab divers on protest in Guwahati) । 

প্ৰতিষ্ঠান দুটাই কৰি অহা শোষণ কথা তথ্য সহকাৰে জিলা উপায়ুক্ত, পৰিবহন আয়ুক্ত, পৰিবহন মন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰীকো বিষয়টো অৱগত কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কেব চালকসকলে ৷ ইয়াৰোপৰি এগ্ৰিগেটৰসমূহে কোনো কাৰণ নোহোৱাকৈ কেব চালকসকলৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰিবলৈ আৰম্ভ কৰিছে । যাৰ বাবে হাজাৰ হাজাৰ যুৱকৰ জীৱন আৰু জীৱিকা সম্পূৰ্ণৰূপে ধংস হৈ পৰিছে ।

ইয়াৰ লগতে ঘৰ চলোৱাকে ধৰি চিকিৎসা ব্যয়ৰ ক্ষেত্ৰতো চালকসকল সন্মুখীন হৈছে সমস্যাৰ ৷ একাংশ চালকে বাহনৰ ইনষ্টলমেণ্ট দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে এতিয়া অ’লা আৰু উবেৰ কেব সেৱা অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে ৷ কেব চালকসকলে এতিয়াৰে পৰা অ’লা আৰু উবেৰৰ পৰিৱৰ্তে Pay India কেব আৰু An2 কেবৰ জড়িয়তে সেৱা আগবঢ়াব বুলি স্পষ্ট কৰি দিয়ে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.