লামডিঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী

By

Published : Sep 14, 2022, 2:20 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ সৰবৰাহ ৷ প্ৰতিদিনে সৰবৰাহকাৰীয়ে অৱলম্বন কৰি আহিছে ন ন কৌশল ৷ এদিন পূৰ্বে লংকাৰ উদালিত বৃহৎ পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ হোৱাৰ পাছত মঙলবাৰৰ নিশা লামডিঙত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চুপাৰী (Burmese Supari recovered in Lumding) ৷ সৰবৰাহকাৰীয়ে এইবাৰ আৰক্ষীৰ চকুৰ পৰা পলাই সাৰিবলৈ গ্ৰহণ কৰিলে অভিনৱ পন্থা ৷ ধানৰ বস্তাৰ মাজত সন্দেহজনক বাৰ্মিজ চুপাৰী লুকুৱাই সৰবৰাহৰ যত্ন কৰিছে সৰবৰাহকাৰীসকলে ৷ অৱশ্যে আৰক্ষীৰ চকুৰ পৰা সাৰি যাবলৈ সক্ষম হোৱা নাই সৰবৰাহকাৰী ৷ হাইলাকান্দিৰ পৰা যমুনামুখলৈ সন্দেহজনক বাৰ্মিজ চুপাৰী কঢ়িয়াই থকাৰ সময়তে লামডিঙত আৰক্ষীয়ে বাহনসহ বাৰ্মিজ চুপাৰীখিনি জব্দ কৰিবলৈ সক্ষম হয় (Burmese supari seized in Lumding) ৷ AS 02 AC 5218 নম্বৰৰ এখন 407 বাহনত কঢ়িয়াই অনা হৈছিল বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰীখিনি ৷ অভিযানকালত আৰক্ষীয়ে ৭০টা বস্তাত প্ৰায় ১০৫০ কেজি বাৰ্মিজ চুপাৰী জব্দ কৰে (70 bags of suspected Burmese supari recovered)৷ ৷ জব্দ কৰা চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১২ পৰা ১৫ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উদালীৰ ফুলতলীৰ নিৱাসী তথা গাড়ী চালক কলিম উদ্দিনক আটক কৰিছে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.