Theft in Kalgachia: কলগাছিয়াৰ কাপোৰৰ দোকানত চুৰি

By

Published : Dec 17, 2022, 10:44 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা বজাৰত এখন কাপোৰৰ দোকানত সংঘটিত হয় চুৰিকাণ্ড(Burglary at cloth shop in Kalgachia) । নিশাৰ ভাগত চোৰে নুৰ উদ্দিন নামৰ যুৱকনজনৰ দোকানৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি প্ৰায় তিনি লক্ষাধিক টকাৰ মূল্যবান কাপোৰ চুৰি কৰি লৈ যায় (Thief loots shop in Kalgachia) । শুকুৰবাৰে পুৱাই নুৰ উদ্দিন নামৰ দোকানীজনে দোকানত উপস্থিত হৈ দোকানৰ অৱস্থা দেখি কান্দোনত ভাঙি পৰে । ইতিমধ্যে দোকানীয়ে সন্দেহযুক্ত ব্যক্তিৰ নাম উল্লেখ কৰাত প্ৰাক্তন আঞ্চলিক সদস্য বিল্লাল হুছেইন নামৰ লোকজনে ভুক্তভোগী নুৰ উদ্দিনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে । পিছমুহূৰ্তত এই ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় । এই চুৰিকাণ্ডৰ লগত জৰিত ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী জনোৱাৰ লগতে ক্ষতিপূৰণৰ দাবী জনায় ভুক্তভোগী দোকানীজনে । লগতে পৰৱৰ্তী সময়ত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় স্থানীয় ৰাইজে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.