গোলাঘাটৰ যোগীবাৰীত চাৰিটা ম'হ চুৰি

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:32 PM IST

thumbnail

গোলাঘাট, ২৭ ডিচেম্বৰ : এগৰাকী মহিলাই উচুপি উচুপি কান্দিছে ৷ গোলাঘাটৰ যোগীবাৰীৰ এজন লোকৰ ঘৰত সকলোৰে চকুত চকুপানী ৷ ঘৰৰ পোহনীয়া ম'হ কেইটাৰ কথা কৈ কেৱল উচুপিছে গৃহস্থী গৰাকীয়ে ৷ এই দৃশ্য খুমটাইৰ যোগীবাৰীৰ । যোগীবাৰীৰ এজন লোকৰ গোহালীৰ পৰা নিশা চোৰে লৈ গ'ল পোৱালিসহ চাৰিটা ম'হ ৷

গৰু-ম'হ পোহপালৰে জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ ম'হ কেইটা চোৰে লৈ যোৱাত পৰিয়ালটোৰ চকুত কেৱল চকুপানী ৷ প্ৰায় ৪-৫ লাখ টকা মূল্যৰ ম'হ কেইটা বান্ধি থোৱা ঠাইৰ পৰাই চুৰি হোৱাত মূৰতে সৰগ ভাগিছে দুৰ্ভগীয়া পৰিয়ালটোৰ সদস্য়সকলৰ । গৃহস্থই পুৱা মৰণা মাৰিবলৈ বান্ধি থোৱা ঠাইৰ পৰা ম'হ আনিবলৈ গৈ ম'হকেইটা নেদেখি হতবাক হয় ৷ ইয়াৰ পিচতেই ঘটনা সন্দৰ্ভত আৰক্ষীক এই পৰিয়ালটোৱে অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । 

লগতে পঢ়ক:বকোত ১৯ জানুৱাৰীৰ পৰা ৬৩ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.