BTR govt criticized Hagrama Mohilary : হাগ্ৰামাৰ বিৰুদ্ধে অচিৰেই গোচৰ ৰুজু কৰিব বিটিআৰ পৰিষদীয় চৰকাৰে

By

Published : Apr 3, 2023, 10:35 PM IST

thumbnail

কোকৰাঝাৰ, ৩ এপ্ৰিল : বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে বিটিআৰ পৰিষদীয় চৰকাৰে অচিৰেই গোচৰ ৰুজু কৰিব (BTR govt to file FIR against Hagrama Mohilary) ৷ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে সোমবাৰে বিয়লি সংবাদমাধ্যমৰ আগত সদৰী কৰে এই কথা ৷

ৰঞ্জিত বসুমতাৰীয়ে কয়, ‘‘বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সম্প্ৰতি বিপিএফৰ বিভিন্ন সভাত বিটিআৰ চৰকাৰে বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে চলাবলগীয়া উচ্ছেদ অভিযান আৰু বনাঞ্চল বেদখলকাৰীসকলকলৈ উচটনিমূলক মন্তব্য প্ৰদান কৰিছে ৷ বনাঞ্চল বেদখলকাৰীক উচটনি দিয়া তেওঁৰ এই মন্তব্য বিৰুদ্ধে অতি শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ তথা গোচৰ ৰুজু কৰা হ’ব’’ (Ranjit Kumar Basumatary criticized Hagrama Mohilary) ৷

উল্টাপানী তথা সৰলপাৰা বনাঞ্চলত বনাঞ্চল বেদখল কৰা ২৩ খন গাঁৱত অচিৰেই উচ্ছেদ চলোৱা হ’ব সদৰী কৰি বনাঞ্চল ভূমি বেদখল কৰা কাকো ৰেহাই দিয়া নহ’ব বুলি সকীয়ানী প্ৰদান কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে (BTR govt criticized Hagrama Mohilary) ৷ আনহাতে কাইলৈ অৰ্থাৎ ৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিটিআৰৰ বাজেট অধিবেশনত কেবাটাও বিষয়ক লৈ সদন উত্তপ্ত হ’ব বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে ৷

লগতে পঢ়ক : Gangsters list by NIA: দেশৰ 28 টা দুধৰ্ষ গেংষ্টাৰৰ নাম প্ৰকাশ এনআইএৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.