মালবাহী ট্ৰাকৰ ভিতৰত চাঞ্চল্যকৰ অৱস্থাত উদ্ধাৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 11:39 AM IST

thumbnail

বৰপেটা, 2 ডিচেম্বৰ: বৰপেটা চহৰত চাঞ্চল্যকৰ ঘটনা । মালবাহী ট্ৰাকৰ ভিতৰত উদ্ধাৰ হ’ল ট্ৰাক চালকৰ মৃতদেহ । গ্লাছৰ পেটীৰ হেঁচাত পৰি চালকজনৰ মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে । চহৰখনৰ মুছলিমপট্টিৰ চৌধুৰী গ্লাছ কৰ্ণাৰত মাল ডেলিভাৰী দিবলৈ আহিছিল এখন ট্ৰাকে ৷ ট্ৰাকখনৰ পঞ্জীয়নকৃত নম্বৰ হ’ল AS 26 AC 1696 ।

দোকানখনত কৰ্মৰত শ্ৰমিকে ট্ৰাকখনৰ পৰা মাল কঢ়িয়াবলৈ আহোতে ট্ৰাক চালকজনক অস্বাভাৱিক অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিচতে চৌধুৰী গ্লাছ কৰ্ণাৰৰ স্বত্বাধিকাৰী জাহাংগীৰ চৌধুৰীক শ্ৰমিকজনে ঘটনাটো সম্পৰ্কত অৱগত কৰে । ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাৰ পিচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । 

আৰক্ষীয়ে মৃত লোকজনৰ জেপৰ পৰা উদ্ধাৰ কৰিছে পৰিচয় পত্ৰ । মৃত লোকজন বঙাইগাঁও জিলাৰ বৰঘৰৰ মহম্মদ আলী খান বুলি পৰিচয় পত্ৰত উল্লেখ । প্ৰাপ্ত তথ্যমতে ট্ৰাকখনৰ স্বত্বাধিকাৰী মহম্মদে নিজে চলাই আহিছিল ট্ৰাকখন ।

লগতে পঢ়ক:  নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছে খুন্দিয়ালে গছত, আহত কেইবাজনো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.