বঙাইগাঁও শোধনাগাৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰক্তদান শিবিৰ

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 3:10 PM IST

thumbnail

চিৰাং,১৮ জানুৱাৰী: চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শোধনাগাৰ কৰ্তৃপক্ষই আয়োজন কৰে ৰক্তদান শিবিৰৰ । বঙাইগাঁও শোধনাগাৰ চিকিৎসালয়ত আয়োজিত ৰক্তদান শিবিৰৰ শুভ উদ্বোধন কৰে শোধনাগাৰৰ কাৰ্যবাহী পৰিচালন সঞ্চালক নয়ন কুমাৰ বৰুৱাই ।  

ৰক্তদান শিবিৰত শোধনাগাৰৰ কেবাজনো বিষয়া-কৰ্মচাৰীৰ লগতে চিআইএচএফৰ শোধনাগাৰ ইউনিট, কেইবাখনো বিদ্যালয়ৰ শিক্ষক লগতে শ্ৰমিক সকলেও ৰক্তদান কৰে । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱস ৰক্তদান শিবিৰৰ জৰিয়তে শুভাৰম্ভ কৰে । ১৯৭২ চনত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বঙাইগাঁও শোধনাগাৰৰ আধাৰশিলা কৰিছিল ঢালিগাঁৱত । চাওতে চাওতে আজি ৫২ বছৰত ভৰি দিলে বঙাইগাঁও শোধনাগাৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে কৰ্তৃপক্ষই । 

লগতে পঢ়ক: মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে মিনাংক বৰুৱাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.