Nari Shakti Bandan Act: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ ভাৰতীয় জনতা মহিলা মৰ্চাৰ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 9:21 AM IST

thumbnail

নগাঁও, ২২ ছেপ্টেম্বৰ: লোকসভা আৰু ৰাজ্যসভাত নাৰী শক্তি বন্দন অধিনয়ম উত্থাপন আৰু গৃহীত কৰাৰ লগে লগেই সমগ্ৰ ভাৰতবৰ্ষৰ বিজেপিৰ মহিলা মৰ্চাই প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি ৰূপায়ণ কৰিছে এক কাৰ্যসূচী । ৰাজ্যৰ ভিন্ন প্ৰান্ততো মহিলা মৰ্চাৰ কৰ্মীসকলে ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীক । অন্যান্য প্ৰান্তৰ লেখিয়াকৈ নগাঁও মহাবিদ্যালয়ৰ সমীপতো বৃহস্পতিবাৰে নগাঁও জিলা মহিলা মৰ্চাই এক কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ৷  

প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনাই নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনিৰে আনন্দ-উল্লাস কৰে নগাঁও জিলা মহিলা মৰ্চাই ৷ এই অধিনিয়মখনৰ জৰিয়তে অনাগত সময়ত ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী নাৰীয়ে সুফল লাভ কৰিব বুলিও নগাঁও জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা আৰু নগাঁও পৌৰসভাৰ মহিলা আয়ুক্ত চিম্পী বৰাই মত প্ৰকাশ কৰে । মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ লাভদায়ক হ'ব বুলিও জাানিবলৈ দিয়ে । 

লগতে পঢ়ক: women's reservation bill 2023: নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়কক আদৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.